ETV Bharat / bharat

5 মিনিটৰ ব্যৱধানত কেৰালাত ধ্বংস দুটাকৈ অট্টালিকা - উপকূলীয় অধিনিয়ম ক্ষেত্ৰ নিয়ম ভংগৰ অপৰাধত এপাৰ্টমেন্ট দুটা ধংস

কেৰালাত ধ্বংস কৰা হ'ল দুটাকৈ বহুমহলীয়া এপাৰ্টমেন্ট ৷ উপকূলীয় অধিনিয়ম ক্ষেত্ৰ (Coastal Regulation Zone) নিয়ম ভংগৰ অপৰাধত এপাৰ্টমেন্ট দুটা ধ্বংস কৰে প্ৰশাসনে ৷

5 মিনিটৰ ব্যৱধানত কেৰালাত ধ্বংস দুটাকৈ অট্টালিকা
মাৰাডু এপাৰ্টমেন্ট ধংস
author img

By

Published : Jan 11, 2020, 2:52 PM IST

Updated : Jan 11, 2020, 3:23 PM IST

নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ শনিবাৰে প্ৰশাসনে ধ্বংস কৰিলে কেৰালাৰ মাৰাডু অঞ্চলৰ দুটাকৈ অবৈধ আৱাসিক গৃহ ৷ 5 মিনিটৰ ব্যৱধানত এই দুটা এপাৰ্টমেন্ট ধ্বংস কৰা হয় ৷ বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি 90 টাকৈ ফ্লেটযুক্ত 19 মহলীয়া H2O হলী ফেইথ এপাৰ্টমেন্ট কমপ্লেক্স আৰু আলফা ছিৰিন কমপ্লেক্স ক্ৰমে পুৱা 11 আৰু 11.05 বজাত উৎখাত কৰা হয় ৷

উপকূলীয় অধিনিয়ম ক্ষেত্ৰ (Coastal Regulation Zone) নিয়ম ভংগৰ অপৰাধত এপাৰ্টমেন্ট দুটা ধংস কৰা হয় ৷ যোৱা বছৰেই উচ্চতম ন্যায়ালয়ে এপাৰ্টমেন্ট দুটা ধংস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰোপৰি, প্ৰতিটো ফ্লেটৰ গৰাকীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ দিবলৈও ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল ৷

5 মিনিটৰ ব্যৱধানত কেৰালাত ধ্বংস দুটাকৈ অট্টালিকা

ধ্বংসকাৰ্যৰ সময়ছোৱাত মাৰাডু অঞ্চলৰ মাটি, পানী আৰু বায়ুত কোনো লোক উপস্থিত নাথাকিবলৈ সকলো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ এই সময়ছোৱাত এপাৰ্টমেন্টৰ 200 মিটাৰ ব্যাসাৰ্ধলৈকে জিলা প্ৰশাসনে 144 ধাৰা আৰোপ কৰিছিল ৷

আৰু পঢ়কঃ শনিবাৰে উত্তৰ প্ৰদেশৰ তিনি ঠাইত ভয়ংকৰ পথ দুৰ্ঘটনা,নিহত 16

Last Updated : Jan 11, 2020, 3:23 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.