নিউজ ডেস্ক, 13 নৱেম্বৰ : ঝাৰখণ্ডত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড ৷ নিজ পিতৃয়ে হত্যা কৰিলে নিজৰ 6 বছৰীয়া কন্যাক ৷ অভিযোগ অনুসৰি, পুত্ৰ সন্তান বিচৰা পিতৃয়ে পুত্ৰ সন্তান নোহাৱাৰ বাবে জ্যোতিষীৰ পৰামৰ্শ অনুসৰি নিজ কন্যা সন্তানক হত্যা কৰিছে ৷ ইতিমধ্যে, আৰক্ষীয়ে অভিযুক্ত সুমান নাগেচীয়াক আটক কৰিবলৈ সক্ষম হৈছে আৰু সুৰমী নামৰ ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
তথ্য অনুসৰি, ঝাৰখণ্ডৰ লোহাৰদাগা জিলাৰ বোণ্ডোবাৰ গাঁৱৰ সুমান নাগেচিয়াই পুত্ৰ সন্তান বিচাৰি গাঁওখনৰ এগৰাকী জ্যোতিষীক লগ কৰিছিল ৷ জ্যোতিষীয়ে দীপাৱলীৰ সময়ত তেওঁৰ কন্যাক হত্যা কৰিলে পুত্ৰ সন্তান লাভ কৰিব বুলি কয় ৷ সেই পৰামৰ্শ অনুসৰিয়ে লোকজনে নিজ কন্যাক হত্যা কৰে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : ডিচেম্বৰৰ পূৰ্বে মন্ত্রী নহ’লে বিশ্বজিৎ দৈমাৰী ডাষ্টবিনত পৰি থাকিব লাগিব : চন্দন ব্ৰহ্ম
ইফালে, আৰক্ষীৰ ভাষ্য অনুসৰি, অভিযুক্ত সুমানে কন্যাক হত্যা কৰাৰ বাবে বহুদিনৰ পৰা অপেক্ষা কৰিছিল আছিল আৰু সুযোগ বুজি অভিযুক্ত পিতৃয়ে কন্যাক ডিঙি চেপি হত্যা কৰিছিল ৷
ঘটনাৰ পিচত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে ভুক্তভোগীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু কন্যাক হত্যাৰ পৰামৰ্শ দিয়া জ্যোতিষি গৰাকীকো আটক কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : দিপাৱলী উপলক্ষ্যে দৰংবাসীলৈ জিলা প্ৰশাসনৰ বিশেষ আহ্বান