ETV Bharat / bharat

মহাত্মাৰ অমূল্য স্মৃতি বিজড়িত এখন অখ্যাত গাঁৱৰ কাহিনী...

author img

By

Published : Aug 17, 2019, 12:51 PM IST

গাঁওখনত থকা অতি শান্তিপ্ৰিয় অন্নশক্তি আশ্ৰমত দুই সপ্তাহ অতিবাহিত কৰিছিল,আশ্ৰমত থকাৰ সময়ত যোগ সাধনাও কৰিছিল এই আশ্ৰমত ৷ পিচলৈ এই কউচানি গাঁৱত থকা আশ্ৰমখন গান্ধী আশ্ৰম নামে জনাজাত হৈছিল ৷ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ নামত উৎসৰ্গিত কৰা হয় ৷ য'ত গান্ধীজী সম্পৰ্কত প্ৰকাশিত বহুতো কিতাপ পত্ৰ সংৰক্ষণ কৰাৰ লগতে গান্ধীজীৰ জীৱনৰ বহু ঘটনা প্ৰবাহৰ অমূল্য চিত্ৰ সংৰক্ষিত কৰি ৰখা হৈছে ৷

মহাত্মাৰ স্মৃতি বিজড়িত এখন গাঁৱৰ কাহিনী...

বাগেশ্বৰঃ কউচানি,উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাত থকা এই গাঁওখন পৰিচিত সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বাবে ৷ য'ৰ পৰা দেখা যায় হিমালয়ৰ সুদৃশ্য শৃংগমালাৰ অপৰূপ সৌন্দৰ্যৰাশি ৷ এই গাওঁখনক লৈ মহাত্মা গান্ধীৰ সৈতে জড়িত হৈ আছে বহু কথা ৷ অপৰূপ সৌন্দৰ্যৰে হিমালয়ৰ সুউচ্চ পৰ্বতমালাৰে পৰিৱেষ্টিত উত্তৰাখণ্ডৰ বাগেশ্বৰ গাঁৱলৈ যাওতে এবাৰ গান্ধীজীয়ে গাঁওখনক ভাৰতবৰ্ষৰ ছুইজাৰলেণ্ড বুলি আখ্যা দিছিল ৷ আনহাতে প্ৰাকৃতিক সৌন্দৰ্যৰ বাদেও অন্নশক্তি আশ্ৰম থকাৰ বাবে গাঁওখন পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৷ পাহাৰৰ মাজভাগত অৱস্থিত মনোমোহা গাঁওখনলৈ মহাত্মা গান্ধী 1929 চনত গৈছিল ৷ য'ত তেওঁ দুসপ্তাহ অতিবাহিত কৰিছিল ৷

মহাত্মাৰ অমূল্য স্মৃতি বিজড়িত এখন অখ্যাত গাঁও
  • গাঁওখনত থকা অতি শান্তিপ্ৰিয় অন্নশক্তি আশ্ৰমত দুই সপ্তাহ অতিবাহিত কৰিছিল,আশ্ৰমত থকাৰ সময়ত যোগ সাধনাও কৰিছিল এই আশ্ৰমত৷ পিচলৈ এই আশ্ৰমখন গান্ধী আশ্ৰম নামে জনাজাত হৈছিল ৷ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ নামত উৎসৰ্গিত কৰা হয় ৷ য'ত গান্ধীজী সম্পৰ্কত প্ৰকাশিত বহুতো কিতাপ পত্ৰ সংৰক্ষণ কৰাৰ লগতে গান্ধীজীৰ জীৱনৰ বহু ঘটনা প্ৰবাহৰ অমূল্য চিত্ৰ সংৰক্ষিত কৰি ৰখা হৈছে ৷ বৰ্তমান সময়ত গান্ধীজীৰ স্মৃতি বিজড়িত এই আশ্ৰমখন গৱেষকসকলৰ বাবে এক নিৰ্ভৰযোগ্য অনুষ্ঠানত পৰিণত হৈছে ৷
  • গান্ধীজীৰ 150তম জন্মজয়ন্তী উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আশ্ৰমৰ লগতে সমগ্ৰ কউচানি অঞ্চলত স্বচ্চতাৰ কাৰ্যসূচীৰ লগতে গান্ধীজী সম্পৰ্কত চিত্ৰাংকণ প্ৰতিযোগিতা,বক্তৃতা প্ৰতিযোগিতা আৰু মহিলাসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ৷ উল্লেখ্য যে এই অন্নশক্তি আশ্ৰম পৃথিৱীৰ ভিতৰতে বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহ্য সমৃদ্ধ স্থান হিচাপে পৰিগণিত হৈছে ৷ য'ত মহাত্মাৰ 150 খন অমূল্য চিত্ৰ সংৰক্ষণ কৰি থোৱা আছে ৷ সমান্তৰালভাৱে 3 কোটি টকা ব্যয়েৰে আশ্ৰমখন পুনৰ নিৰ্মাণ কৰাৰ লগতে আশ্ৰমত সংৰক্ষণ কৰা হৈছে 1500খন অমূল্য গ্ৰন্থ ৷

Intro:Body:

মহাত্মাৰ অমূল্য স্মৃতি বিজড়িত কউচানি গাঁও

বাগেশ্বৰঃ কউচানি,উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাত থকা এই গাঁওখন পৰিচিত সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বাবে ৷ য'ৰ পৰা দেখা যায় হিমালয়ৰ সুদৃশ্য শৃংগমালাৰ অপৰূপ সৌন্দৰ্যৰাশি ৷ 

এই গাওঁখনক লৈ মহাত্মা গান্ধীৰ সৈতে জড়িত হৈ আছে বহু কথা ৷ অপৰূপ সৌন্দৰ্যৰে হিমালয়ৰ সুউচ্চ পৰ্বতমালাৰে পৰিৱেষ্টিত উত্তৰাখণ্ডৰ বাগেশ্বৰ গাঁৱলৈ যাওতে এবাৰ গান্ধীজীয়ে গাঁওখনক ভাৰতবৰ্ষৰ ছুইজাৰলেণ্ড বুলি আখ্যা দিছিল ৷ আনহাতে প্ৰাকৃতিক সৌন্দৰ্যৰ বাদেও অন্নশক্তি আশ্ৰম থকাৰ বাবে গাঁওখন পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৷ 

পাহাৰৰ মাজভাগত অৱস্থিত মনোমোহা গাঁওখনলৈ মহাত্মা গান্ধী 1929 চনত গৈছিল ৷ গাঁওখনত থকা অতি শান্তিপ্ৰিয় অন্নশক্তি আশ্ৰমত দুই সপ্তাহ অতিবাহিত কৰিছিল, আশ্ৰমত থকাৰ সময়ত যোগ সাধনাও কৰিছিল এই আশ্ৰমত৷ পিচলৈ এই আশ্ৰমখন গান্ধী আশ্ৰম নামে জনাজাত হৈছিল ৷ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ নামত উৎসৰ্গিত কৰা হয়৷ য'ত গান্ধীজী সম্পৰ্কত প্ৰকাশিত বহুতো কিতাপ পত্ৰ সংৰক্ষণ কৰাৰ লগতে গান্ধীজীৰ জীৱনৰ বহু ঘটনা প্ৰবাহৰ অমূল্য চিত্ৰ সংৰক্ষিত কৰি ৰখা হৈছে ৷ বৰ্তমান সময়ত গান্ধীজীৰ স্মৃতি বিজড়িত এই আশ্ৰমখন গৱেষক সকলৰ বাবে এক নিৰ্ভৰযোগ্য অনুষ্ঠানত পৰিণত হৈছে ৷ 

গান্ধীজীৰ 150তম জন্মজয়ন্তী উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আশ্ৰমৰ লগতে সমগ্ৰ কউচানি অঞ্চলত স্বচ্চতাৰ কাৰ্যসূচীৰ লগতে গান্ধীজী সম্পৰ্কত চিত্ৰাংকণ প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আৰু মহিলাসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ৷ উল্লেখ্য যে এই অন্নশক্তি আশ্ৰম পৃথিৱীৰ ভিতৰতে বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহ্য হিচাপে পৰিগণিত হৈছে ৷ য'ত মহাত্মাৰ 150 খন অমূল্য চিত্ৰ সংৰক্ষণ কৰি থোৱা আছে ৷ সমান্তৰালভাৱে 3 কোটি টকা ব্যয়েৰে আশ্ৰমখন পুনৰ নিৰ্মাণ কৰাৰ লগতে আশ্ৰমত সংৰক্ষণ কৰা হৈছে 1500খন গ্ৰন্থ ৷ 

 মহাত্মাৰ অমূল্য স্মৃতি বিজড়িত এখন গাঁও

GFX- পৃথিৱীৰ ভিতৰতে বুৰঞ্জীপ্ৰসিদ্ধ ঐতিহ্য গাঁওখন

GFX- বহু গৱেষকৰ বাবে গাঁওখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু

Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.