নিউজ ডেস্ক, 5 মে': মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ অন্তৰ্গত হটস্পট এলেকা উদগিৰত বৃদ্ধি হৈয়েই আছে COVID-19 আক্ৰান্তৰ সংখ্যা । এলেকাটোত COVID-19 আক্ৰান্ত লোকৰ সংখ্যা সোমবাৰে 13 জনলৈ বৃদ্ধি পাইছে ।
সোমবাৰে অঞ্চলটোৰ পৰা 28 জন লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে যায় আৰু তিনিজনৰ নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
উল্লেখ্য যে, অঞ্চলটোৰ পৰিস্থিতি সম্পৰ্কে শনিবাৰে মন্ত্ৰী সঞ্জয় বাঞ্চুৰেৰ অধ্যক্ষতাত এক প্ৰৰ্যালোচনা সভা অনুষ্ঠিত হৈছিল ।
ইপিনে অঞ্চলটোত লক ডাউন কঠোৰ কৰিবলৈ আৰক্ষীয়ে দ্ৰোণ কেমেৰা ব্যৱহাৰ কৰিছে ।