নিউজ ডেস্ক, 4 এপ্ৰিলঃ মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত চলি থকা লকডাউনৰ মাজতে বিতৰণ কৰে প্ৰায় 6.94 লাখ কুইন্টল খাদ্য সামগ্ৰী ৷ ৰাজহুৱা বিতৰণ প্ৰণালীৰে এইদৰে ৰাজ্যখনৰ প্ৰায় 28.61 লাখ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ মহাৰাষ্ট্ৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী চাগান ভূজবলে প্ৰকাশ কৰিছে এই তথ্য ৷
কৰ‘ণা ভাইৰাছ সৃষ্ট কোভিড-19 মহামাৰীৰ সৈতে যুঁজিবলৈ বিতৰণ কৰা এই খাদ্যসামগ্ৰীৰ পৰিমান একপ্ৰকাৰৰ অভিলেখ বুলি প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে ৷
"1 এপ্ৰিলৰ পৰা 3 এপ্ৰিললৈকে মহাৰাষ্ট্ৰৰ 28,61,085 গৰাকী ৰেচন কাৰ্ড হিতাধিকাৰীলৈ প্ৰায় 6.94 লাখ কুইন্টল খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ হিতাধিকাৰীসকলক 3.83 লাখ কুইন্টল ঘেহু, 3.01 লাখ কুইন্টল চাউল আৰু 3,564 কুইন্টল চেনি প্ৰদান কৰা হয় ৷" কয়, মন্ত্ৰী ভূজবলে ৷ লকডাউনৰ ফলত ৰাজ্যখনত আৱদ্ধ হৈ থকা প্ৰায় 1.67 লাখ ৰেচন কাৰ্ড হিতাধিকাৰী, যিসকলে অন্য ৰাজ্যৰ পৰা অহা তেওঁলোককো মহাৰাষ্ট্ৰৰ online portability systemৰ দ্বাৰা ৰেচন যোগান ধৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷