ETV Bharat / bharat

তেলেংগানা : ১৬ শতাংশ বৰ্ধিত মূল্যৰে খুলিবলৈ সাজু সুৰাৰ বিপনী

author img

By

Published : May 6, 2020, 8:16 AM IST

Updated : May 6, 2020, 10:11 AM IST

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে জানিবলৈ দিয়া অনুসৰি, ৰাজ্যখনৰ সুৰাৰ বিপনীসমূহ শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব । ৰেড জ'ন এলেকাটো সুৰাৰ বিপনী খোলা থাকিব যদিও কন্টেইনমেন্ট এলেকাত খোলাৰ অনুমতি নাথাকিব ।

খুলিবলৈ সাজু সুৰাৰ বিপনী
তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও

নিউজ ডেস্ক, ৬ মে' : বুধবাৰৰ পৰা তেলেংগানাত খোলা হ'ব সুৰাৰ বিপনী । মঙলবাৰে এক সংবাদমাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে । ১৬ শতাংশ অতিৰিক্ত আৱকাৰী কৰ বৃদ্ধিৰে এইসমূহ সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰিছে তেলেংগানা ৰাজ্য চৰকাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনৰ ১৫ খনক বাদ দি ২,২০০ খন সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰা হৈছে । ৰেড জ'নত থকা সুৰাৰ বিপনীয়ো খোলাত অনুমতি দিয়া হৈছে যদিও কন্টেইনমেন্ট এলেকাত থকা বিপনীসমূহ বন্ধ থাকিব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

প্ৰত্যেকখন সুৰাৰ বিপনীতে সামাজিক দুৰত্ব পালন কৰিবলৈ কোৱা হৈছে । মুখা (মাস্ক) অবিহনে সুৰা ক্ৰয় তথা বিক্ৰী দুয়োটাতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে । দিনৰ ১০ বজাৰ পৰা আবেলি ৬ বজালৈ সুৰাৰ বিপনীসমূহ খোলা থাকিব আৰু এইখিনি সময়ত নিৰ্ধাৰিত নিয়ম পালন নকৰিলে গ্ৰাহক তথা সুৰাৰ বিপনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে ।

আনহাতে তেলেংগানাৰ সীমান্তৱৰ্তী চাৰিখনকৈ ৰাজ্যটো সুৰাৰ বিপনীসমূহ পুনৰ খুলিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু ছত্তিশগড় ৰাজ্য চৰকাৰে যদিহে সুৰাৰ বিপনীসমূহ খোলাৰ অনুমতি প্ৰদান নকৰে তেতিয়াহ'লে তেলেংগানাৰ পৰা সুৰাৰ চোৰাং সৰবৰাহ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তৃতীয় পৰ্যায়ৰ লকডাউনৰ দ্বিতীয় দিনটোৰ পৰা দেশৰ প্ৰায়বোৰ ৰাজ্যতে সুৰাৰ বিপনীসমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছিল । দিল্লী, গুৱাহাটী, চেন্নাই, বাংগালোৰ আদি চহৰত সুৰাৰ বিপনীসমূহ খোলা হৈছিল যদিও সামাজিক দূৰত্বৰ নিয়ম পালন কৰা হোৱা নাছিল । হাজাৰোধিক লোক ওলাই আহি সুৰা ক্ৰয় কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছিল ।

লগতে পঢ়কঃ 45 ITBP জোৱান Covid-19 আক্ৰান্ত , কোৱাৰান্টাইনত 167 জন

Last Updated : May 6, 2020, 10:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.