নতুন দিল্লী, 12 আগষ্টঃ যোৱা শুকুৰবাৰে কেৰালাৰ কঝিকোডেত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত 85 গৰাকী লোক সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত আটাইকেইজনকে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344 বিমানখনে 6 গৰাকী বিমানখনৰ সদস্য-পৰিচাৰিকাকে ধৰি মুঠ 90 গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল ৷ কিন্তু শুকুৰবাৰে হোৱা বৰষুণৰ বাবে ৰানৱে’ৰ পৰা বিমানখন পিচলে আৰু 35 ফুট দ’ খাৱৈত পৰে ৷ বিমানখন দুটুকুৰা হৈ যায় আৰু বিমানখনত থকা দুজন পাইলটকে ধৰি 18 গৰাকী যাত্ৰীৰ মৃত্যু হয় ৷
অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে শনিবাৰে ঘোষণা কৰিছিল যে, 149 গৰাকী লোক আঘাত প্ৰাপ্ত হৈ চিকিৎসাধীন হৈছিল ৷ তাৰে 23 গৰাকী সুস্থ হৈ ঘৰলৈ উভতাৰ বিপৰীতে তিনিগৰাকী লোক সংকটজনক অৱস্থাত আছিল ৷
আহত লোকসকলক কঝিকোডেৰ বিভিন্ন হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল ৷ বিমান প্ৰতিষ্ঠানটোৱে দেওবাৰে প্ৰকাশ কৰে যে, বাকী ৰোৱা নিহত 16 গৰাকী লোকৰ মৃদহেত পৰিয়ালৰ লোকক চমজাই দিয়া হৈছে ৷
লগতে পঢ়কঃ ক'ত, কেনেকৈ আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?