ETV Bharat / bharat

এওঁলোক আবেগিক মানুহ,আইনখন বুজিবলৈ সময়ৰ প্ৰয়োজন হ‘ব-কিৰেণ ৰিজিজু - কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু

কেব সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে,এই আইনখন সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ লগত সঠিক আলোচনাৰ প্ৰয়োজন আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়,আইনখনৰ মতে 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত পাকিস্তান,আফগানিস্তান আৰু বাংলাদেশৰ যিসকল লোকে ধাৰ্মিক উৎপীড়নৰ বলি হৈছিল,সেইসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷

এওঁলোক আবেগিকপূৰ্ণ মানুহ,আইনখন বুজিবলৈ সময়ৰ প্ৰয়োজন হ‘ব-কিৰেণ ৰিজিজু
কেব সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
author img

By

Published : Dec 13, 2019, 5:21 PM IST

নতুন দিল্লী,13 ডিচেম্বৰঃ কেন্দ্ৰীয় যুৱ আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়ে নাগৰিকত্ব সংশোধনী আইন 2019 সম্পৰ্কে মুখ খুলিছে ৷ সম্প্ৰতি এই আইন সম্পৰ্কে ৰাজ্যত হিংসাত্মক কাৰ্য অব্যাহত আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ জনসাধাৰণক আইনখন সম্পৰ্কে আশ্বাস প্ৰদান কৰে ৷ আইনখনে স্থানীয় লোকসকলক কোনোধৰণৰ ক্ষতি নকৰে বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷ একাংশ লোকে উত্তৰ-পূৰ্বাঞ্চলত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি হিংসা বিয়পোৱাত আগভাগ লৈছে ৷ ভাৰতৰ ইতিহাসত পূৰ্বতে এনে ঘটনা হোৱাৰ নজিৰ নাই বুলি ৰিজিজুৱে প্ৰকাশ কৰে ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে কয় যে,এনেকুৱা কোনো আইন নাই য’ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰামৰ্শ অবিহনে অধিগ্ৰহণ কৰা হয় ৷ এই আইনখন সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ লগত সঠিক আলোচনাৰ প্ৰয়োজন আছে ৷ ‘এওঁলোক আবেগিক মানুহ,আইনখন বুজিবলৈ সময়ৰ প্ৰয়োজন হ’ব-বুলি শুকুৰবাৰে নতুন দিল্লীত ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
আনহাতে মেঘালয় আৰু ত্ৰিপুৰা আইনখনৰ জৰিয়তে সম্পূৰ্ণ সুৰক্ষিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ আইনখনৰ মতে 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত পাকিস্তান,আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা হিন্দু,খ্ৰীষ্টিয়ান,শিখ,বৌদ্ধ,জৈন আৰু পাৰ্চী ধৰ্মাৱলম্বী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব ৷ যিসকলে নিজ দেশত ধাৰ্মিক উৎপীড়নৰ বলি হৈছিল,সেইসকলে এই সুবিধা গ্ৰহণ কৰিব পাৰিব ৷

লগতে চাওকঃজাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ বাতিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.