নিউজ ডেস্ক, 13 মে': মঙলবাৰে জম্মু কাশ্মীৰৰ অৱন্তিপুৰাত গ্ৰেপ্তাৰ কৰা হয় সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ লগত জড়িত 4 জন উগ্ৰপন্থীক ।
ইটিভি ভাৰতক এগৰাকী জ্যেষ্ঠ আৰক্ষীয়ে অৱগত কৰা অনুসৰি নিৰ্দিষ্ট এক তথ্যৰ ভিত্তিত জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলচ্ আৰু CRPF ৰ দ্বাৰা যুটীয়া অভিযান চলায় । নাকা আৰু অৱন্তিপুৰা ক্ৰছিঙত চলে এই অভিযান । তালাচী ক্ৰছিং অতিক্ৰম কৰিব লওঁতেই গ্ৰেপ্তাৰ হয় চাৰিওজন উগ্ৰপন্থী ।
লোক কেইজনৰ পৰা বিস্ফোৰক সামগ্ৰী, জইছ-ই-মহম্মদৰ পতাকা আৰু বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা সদস্য কেইজন চাব্বিৰ আহমদ পেৰি, ছিৰাজ আহমদ দাৰ, ছাফত আহমদ মিৰ আৰু ইছফাক আহমদ ছাহ বুলি চিনাক্ত কৰা হৈছে । আটাইকেইজন পুলৱামাৰ খ্ৰীউ এলেকাৰ বাথেন গাঁৱৰ বুলি জানিব পৰা গৈছে ।