ETV Bharat / bharat

দেশত কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ ৫৫.৪৯ শতাংশলৈ বৃদ্ধি

author img

By

Published : Jun 21, 2020, 8:52 PM IST

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমান মহাৰাষ্ট্ৰত ১,২৮,২০৫ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে,এই তালিকাৰ দ্বিতীয় স্থানত দিল্লী থকাৰ বিপৰীতে তৃতীয় স্থানত আছে তামিলনাডু।

COVID-19
India's COVID-19 tally crosses 4 lakh-mark, recovery rate improves to 55.49 pc

নিউজ ডেস্ক, ২১ জুনঃ সমগ্ৰ দেশতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্য়া দৈনিক বৃদ্ধি পাই আছে যদিও বিগত ২৪ ঘণ্টাত দেশজুৰি ১৫,৪১৩ গৰাকী লোকে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেওবাৰে বিয়লি ৪ বজালৈ ৪,১০,৪৬১ গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিড-১৯ৰ উপস্থিতি। ইয়াৰে মুঠ ২,২৭,৭৫৫ গৰাকী লোকে এই মহামাৰীৰ পৰা উপশম লাভ কৰিছে। সম্প্ৰতি দেশত কোভিড ১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৫৫.৪৯ শতাংশ।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান ভাৰতত এই ভাইৰাছত আক্ৰান্ত হৈ মুঠ ১,৬৯,৪৫১ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত আছে। আনহাতে, কৰ'ণা মহামাৰীৰ ফলত দেশজুৰি মৃত্যু হৈছে ১৩,২৫৪ গৰাকী লোকৰ ।

দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। বৰ্তমান মহাৰাষ্ট্ৰত ১,২৮,২০৫ গৰাকী লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। আনহাতে,এই তালিকাৰ দ্বিতীয় স্থানত দিল্লী থকাৰ বিপৰীতে তৃতীয় স্থানত আছে তামিলনাডু।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ কোভিড-১৯ আক্ৰান্ত মুঠ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ভাৰত চতুৰ্থ স্থানত আছে। এই তালিকাৰ প্ৰথম স্থানত আমেৰিকা, দ্বিতীয় স্থানত ব্ৰাজিল আৰু তৃতীয় স্থানত আছে ৰাছিয়া। কিন্তু বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত কোভিড-১৯ ৰোগীৰ মৃত্যুৰ সংখ্যা কম। লগতে, দেশজুৰি বৰ্তমান চিকিত্সাধীন অৱস্থাত থকা ৰোগীৰ তুলনাত আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ অধিক বুলি স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰে। ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.