ETV Bharat / bharat

আজি আনুষ্ঠানিকভাৱে IAF ত সংযোজিত হ'ব ৰাফেল এয়াৰক্ৰাফ্ট

author img

By

Published : Sep 10, 2020, 7:16 AM IST

Updated : Sep 10, 2020, 8:51 AM IST

ভাৰতীয় বিমান বাহিনীয়ে আজি আনুষ্ঠানিকভাৱে সংযোজন ঘটাব নতুনকৈ ক্ৰয় কৰা ৰাফেল ফাইটাৰ জেটৰ ৷ বৃহস্পতিবাৰে হাৰিয়ানাৰ আম্বালাস্থিত এয়াৰবেছত এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷

IAF to formally induct Rafale aircraft today
আজি আনুষ্ঠানিকভাৱে IAF ত সংযোজিত হ'ব ৰাফেল এয়াৰক্ৰাফ্ট

নেশ্য়নেল ডেস্ক, 10 ছেপ্তেম্বৰ : ভাৰতীয় বিমান বাহিনীয়ে আজি আনুষ্ঠানিকভাৱে সংযোজন ঘটাব নতুনকৈ ক্ৰয় কৰা ৰাফেল ফাইটাৰ জেটৰ ৷ বৃহস্পতিবাৰে হাৰিয়ানাৰ আম্বালাস্থিত এয়াৰবেছত এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব ৷ উল্লেখ্য যে, এই এয়াৰক্ৰাফ্ট হৈছে IAFৰ 17 স্কোৱাড্ৰনৰ অংশ,ইয়াক 'গল্ডেন এৰোজ' বুলিও জনা যায় ৷

আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বহুসংখ্যক বিশিষ্ট ব্য়ক্তিয়ে ৷ তেওঁলোকৰ ভিতৰত অন্যতম হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লি, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদুৰিয়া আৰু প্ৰতিৰক্ষা সচিব অজয় কুমাৰ ৷

উল্লেখ্য় যে, চলিত বৰ্ষৰ 27 জুলাইত ফ্ৰান্সৰ পৰা আম্বালালৈ কঢ়িয়াই অনা হয় প্ৰথম পাঁচখন ৰাফেল এয়াৰক্ৰাফ্ট ৷ বৰডিয়ক্সৰ মেৰিগনাগ এয়াৰবেছৰ পৰা জেট কেইখনে উৰণ সম্পন্ন কৰি আৰৱ গণৰাজ্যৰ Al Dhafra এয়াৰবেছত উপস্থিত হয় ৷ এই সময়ছোৱাত জেট কেইখনে সম্পন্ন কৰে 7,000 কিলমিটাৰ দূৰত্ব ৷ এদিনৰ পাচত পুনৰ উৰণ সম্পন্ন কৰি জেট কেইখন উপস্থিত হয় আম্বালা এয়াৰবেছত ৷

IAF ৰ মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, এই অনুষ্ঠানত ৰাফেল এয়াৰক্ৰাফ্টক আনুষ্ঠানিকভাৱে জনসাধাৰণৰ মাজত উদঘাটন কৰা, পৰম্পৰাগত সৰ্বধৰ্ম পূজা আদিৰ আয়োজন কৰা হ'ব ৷ ইয়াৰোপৰি, পৰম্পৰাগত ৱাটাৰ কেনন ছেল্য়ুটো প্ৰদান কৰা হ'ব ৰাফেল কেইখনক ৷

Last Updated : Sep 10, 2020, 8:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.