ETV Bharat / bharat

2020 চনত ভাৰতীয় বায়ুসেনাত সংযোজিত হ'ব "ৰাফেল"

author img

By

Published : May 29, 2019, 6:32 PM IST

বায়ু সেনাত সংযোজিত হ'বলগীয়া শক্তিশালী ৰাফেলৰ প্ৰথমলানি যুঁজাৰু বিমান লাভ কৰিব 1999 চনত কাৰ্গিল যুদ্ধত বিশেষ ভূমিকা পালন কৰা 17 স্কোৱাড্ৰণ "The Golden Arrows"এ ৷ হাৰিয়ানাৰ আম্বালাস্থিত স্কোৱাড্ৰন মুখ্যালয়ে লাভ কৰিব প্ৰথমলানি ৰাফেল যুঁজাৰু বিমান ৷ ভাৰতীয় বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷

"গোল্ডেন এৰো" 17 স্কোৱাড্ৰণ

নিউজ ডেস্ক, 29 মেঃ ভাৰতীয় বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই ৰাফেল যুঁজাৰু বিমান সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য ৷ শেহতীয়াকৈ সংবাদ শীৰ্ষত থকা ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো স্কোৱাড্ৰণ লাভ কৰিব বায়ু সেনা প্ৰধান এয়াৰ মাৰ্শ্বাল বি এছ ধানোৱাৰ কামাণ্ডিং স্কোৱাড্ৰণ 17 স্কোৱাড্ৰণ "The Golden Arrows"এ ৷ 1999 চনৰ কাৰ্গিল যুদ্ধত বিশেষ ভূমিকা পালন কৰা হাৰিয়ানাৰ আম্বালাস্থিত স্কোৱাড্ৰন মুখ্যালয়ে লাভ কৰিব প্ৰথমলানি ৰাফেল বিমান ৷

অধিক পঢ়কঃ চীফ অৱ ষ্টাফ কমিটিৰ চেয়াৰমেন পদত এয়াৰ চীফ মাৰ্শ্বাল বি এচ ধানোৱা

মিগ-21ৰ শক্তিশালী স্কোৱাড্ৰণৰূপে খ্যাত 17 স্কোৱাড্ৰণৰ মুখ্যালয় প্ৰথম অৱস্থাত পঞ্জাৱৰ ভাটিন্দাত আছিল যদিও শেহতীয়াকৈ ইয়াক হাৰিয়ানাৰ আম্বালালৈ স্থানান্তৰিত কৰা হৈছে ৷ আনহাতে ৰাফেলৰ দ্বিতীয়টো স্কোৱাড্ৰণ লাভ কৰিব পশ্চিমবংগৰ হাছিমাৰাস্থিত বায়ু সেনা চাউনীয়ে ৷ পূব সীমান্তত চীনক প্ৰতিহত কৰিবলৈ আৰু পশ্চিম সীমান্তত পাকিস্তানৰ ওপৰত চকু ৰাখিবলৈ এইদৰে প্ৰথম দুটা স্কোৱাড্ৰণ আম্বালা আৰু হাছিমাৰাত মোতায়েন কৰা হ'ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় বায়ু সেনাই ৷ আনহাতে পৰৱৰ্তী সময়ত ৰাফেলৰ তৃতীয়টো স্কোৱাড্ৰণ উত্তৰ প্ৰদেশৰ স্বৰাস্বত এয়াৰ বেছত স্থাপনা কৰা হ'ব ৷

EtvBharatAssam
"গোল্ডেন এৰো" 17 স্কোৱাড্ৰণ

উল্লেখ্য যে, ইতিমধ্যেই ভাৰতীয় বায়ু সেনাৰ এটি বিশেষ প্ৰশিক্ষাৰ্থীৰ দলে ডেছাল্ট ৰাফেল মুখ্যালয়ত উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰি আছে ৷ প্ৰায় 1500 ঘন্টাৰ উৰণ সম্পন্ন কৰা এইসকল বৈমানিকৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু উন্নত মানৰ প্ৰশিক্ষণ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত সম্পূৰ্ণ হ'ব ৷ অৱশ্যে প্ৰাৰম্ভিক প্ৰশিক্ষণৰ অন্তত গ্ৰহণ কৰা উন্নত প্ৰশিক্ষণৰসময়লানি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু সেই বিষয়ে লক্ষ্য কৰি চাৰিখন ৰাফেলৰ প্ৰথমটো স্কোৱাড্ৰণ 2020 চনৰ মে মাহত আম্বালাস্থিত 17 স্কোৱাড্ৰণে লাভ কৰিব ৷

Intro:Body:

"গোল্ডেন এৰো"লৈ ৰাফেলৰ প্ৰথমটো মোতায়েন 

বায়ু সেনাত সংযোজিত হ'বলগীয়া শক্তিশালী ৰাফেলৰ প্ৰথমলানি যুঁজাৰু বিমান লাভ কৰিব 1999 চনত কাৰ্গিল যুদ্ধত বিশেষ ভূমিকা পালন কৰা 17 স্কোৱাড্ৰণ "The Golden Arrows"এ ৷ হাৰিয়ানাৰ আম্বালাস্থিত স্কোৱাড্ৰন মুখ্যালয়ে লাভ কৰিব প্ৰথমলানি ৰাফেল যুঁজাৰু বিমান ৷ ভাৰতীয় বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ 

নিউজ ডেস্ক, 29 মেঃ ভাৰতীয় বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই ৰাফেল যুঁজাৰু বিমান সন্দৰ্ভত সংবাদ প্ৰতিষ্ঠান এএনআইৰ আগত প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য ৷ শেহতীয়াকৈ সংবাদ শীৰ্ষত থকা ৰাফেল যুঁজাৰু বিমানৰ প্ৰথমটো স্কোৱাড্ৰণ লাভ কৰিব বায়ু সেনা প্ৰধান এয়াৰ মাৰ্শ্বাল বি এছ ধানোৱাৰ কামাণ্ডিং স্কোৱাড্ৰণ 17 স্কোৱাড্ৰণ "The Golden Arrows"এ ৷ 1999 চনৰ কাৰ্গিল যুদ্ধত বিশেষ ভূমিকা পালন কৰা হাৰিয়ানাৰ আম্বালাস্থিত স্কোৱাড্ৰন মুখ্যালয়ে লাভ কৰিব প্ৰথমলানি ৰাফেল বিমান ৷ 

মিগ-21ৰ শক্তিশালী স্কোৱাড্ৰণৰূপে খ্যাত 17 স্কোৱাড্ৰণৰ মুখ্যালয় প্ৰথম অৱস্থাত পঞ্জাৱৰ ভাটিন্দাত আছিল যদিও শেহতীয়াকৈ ইয়াক হাৰিয়ানাৰ আম্বালালৈ স্থানান্তৰিত কৰা হৈছে ৷ আনহাতে ৰাফেলৰ দ্বিতীয়টো স্কোৱাড্ৰণ লাভ কৰিব পশ্চিমবংগৰ হাছিমাৰাস্থিত বায়ু সেনা চাউনীয়ে ৷ পূব সীমান্তত চীনক প্ৰতিহত কৰিবলৈ আৰু পশ্চিম সীমান্তত পাকিস্তানৰ ওপৰত চকু ৰাখিবলৈ এইদৰে প্ৰথম দুটা স্কোৱাড্ৰণ আম্বালা আৰু হাছিমাৰাত মোতায়েন কৰা হ'ব বুলি প্ৰকাশ কৰিছে ভাৰতীয় বায়ু সেনাই ৷ আনহাতে পৰৱৰ্তী সময়ত ৰাফেলৰ তৃতীয়টো স্কোৱাড্ৰণ উত্তৰ প্ৰদেশৰ স্বৰাস্বত এয়াৰ বেছত স্থাপনা কৰা হ'ব ৷ 

উল্লেখ্য যে, ইতিমধ্যেই ভাৰতীয় বায়ু সেনাৰ এটি বিশেষ প্ৰশিক্ষাৰ্থীৰ দলে ডেছাল্ট ৰাফেল মুখ্যালয়ত উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰি আছে ৷ প্ৰায় 1500 ঘন্টাৰ উৰণ সম্পন্ন কৰা এইসকল বৈমানিকৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু উন্নত মানৰ প্ৰশিক্ষণ চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত সম্পূৰ্ণ হ'ব ৷ অৱশ্যে প্ৰাৰম্ভিক প্ৰশিক্ষণৰ অন্তত গ্ৰহণ কৰা উন্নত প্ৰশিক্ষণৰসময়লানি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু সেই বিষয়ে লক্ষ্য কৰি চাৰিখন ৰাফেলৰ প্ৰথমটো স্কোৱাড্ৰণ 2020 চনৰ মে মাহত আম্বালাস্থিত 17 স্কোৱাড্ৰণে লাভ কৰিব ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.