ETV Bharat / bharat

আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ - sunday

কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত নতুন কৃষি আইন সন্দৰ্ভত আলোচনা কৰিবলৈ নিমন্ত্ৰণ কেন্দ্ৰ চৰকাৰৰ । ৰাজধানীস্থিত বিজ্ঞানভৱনত আলোচনাত মিলিত হ'বলৈ নিমন্ত্ৰণ কৃষক সংঘক ।

ৰাজধানীস্থিত বিজ্ঞানভৱনত আলোচনাত মিলিত হ'বলৈ নিমন্ত্ৰণ কৃষক সংঘক
Government invites farmer unions for next round of talks
author img

By

Published : Dec 21, 2020, 11:52 AM IST

Updated : Dec 21, 2020, 12:13 PM IST

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ: সংশোধিত নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক দেওবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰথমটো প্ৰস্তাৱৰ উপৰিও নিৰ্দিষ্ট মন্তব্য আলোচনা কৰাৰ লগতে কৃষকসকলৰ সুবিধানুযায়ী তাৰিখ নিৰ্ধাৰণ কৰিবলৈ নিমন্ত্ৰণ প্ৰদান কৰে । যাতে প্ৰতিবাদী কৃষকসকলৰ আন্দোলন অনতিপলমে অন্ত পৰে । ৪০ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লিখিত তালিকাত কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ সংযুক্ত সচিব বিবেক আগৰৱালে ৰাজধানীস্থিত বিজ্ঞানভৱনত আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকসকলক নিমন্ত্ৰণ জনাই কয় যে সকলো সমস্যা কেন্দ্ৰই নিস্বাৰ্থভাৱে সমাধান কৰিবলৈ প্ৰস্তুত ।

চৰকাৰ আৰু কৃষক সংগঠনৰ সৈতে কেবাবাৰো হোৱা আলোচনাত কেন্দ্ৰৰ তিনিখন নতুন আইন স্থগিত ৰাখিবলৈ আৰু তিনি সপ্তাহতকৈও অধিক সময় দিল্লীৰ ভিন্ন স্থানত বাধাপ্ৰাপ্ত কৃষকসকলৰ প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰিবলৈ অসমৰ্থ হৈ পৰিছে। যোৱা ৯ ডিচেম্বৰত ক্ষুদ্ধ কৃষকসকলে চৰকাৰক এখনি লিখিত প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । য'ত অতি কমেও সাতটা বিষয়ক সংশোধন কৰিবলৈ উল্লেখ কৰা হৈছিল ।

১৬ ডিচেম্বৰত ক্ৰান্তিকৰী কৃষক ইউনিয়নৰ অধ্যক্ষ দৰ্শন পালে প্ৰেৰণ কৰা এক ইমেইলৰ প্ৰস্তাৱক খাৰিজ কৰে । কিন্তু কিহৰ বাবে এই প্ৰস্তাৱক খাৰিজ কৰে সেই বিষয়ে বৰ্তমানেও জ্ঞাত নহয় ।

এই সন্দৰ্ভত দুই এদিনৰ ভিতৰতে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কেন্দ্ৰীয় নেতৃবৰ্গৰ সৈতে মিলিত হোৱাৰ কথা গৃহ মন্ত্ৰী অমিত শ্বাহে সদৰী কৰে।

উল্লেখযোগ্য় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লী, পঞ্জাৱ,হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ কৃষক ওলাই আহি প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰতিবাদী কৃষকসকলৰ এটাই হুংকাৰ যে কেন্দ্ৰৰ তিনিখন আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোকৰ কণ্ঠ ৰুদ্ধ নহয় ।

লগতে পঢ়ক: ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ

Last Updated : Dec 21, 2020, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.