ETV Bharat / bharat

জনা-নজনা: ৰাস্তা নথকা এখন সৌন্দৰ্যৰে ভৰা গাঁও - নেডাৰলেণ্ড

পৰীৰ দেশৰ সাধুত থকা ঠাইসমূহৰ দৰেই এখন সুন্দৰ গাঁও ৷ গাঁওখনত সকলো আছে,নাই মাথো ৰাস্তা ৷ ক'ত আছে সেই গাঁও ? জানিবলৈ চাওক এই প্ৰতিবেদন...

এখন সৌন্দৰ্যৰে ভৰা গাঁও
এখন সৌন্দৰ্যৰে ভৰা গাঁও
author img

By

Published : Sep 14, 2020, 8:02 PM IST

নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ: এখন যেন স্বৰ্গপুৰী ৷ যিফালেই চায় সিফালেই দেখিব চকু থৰ লগা সৌন্দৰ্য ৷ চাৰিওফালে সেউজীয়া আৰু সেউজীয়া ৷ পখীৰ কলৰৱেৰে ভৰা,শান্ত-সমাহিত এখন সুন্দৰ গাঁও ৷ ঠিক যেন পৰীৰ দেশৰ সাধুৰ দৰেই সুন্দৰ ৷

সেই গাঁৱত ঘৰ আছে, মানুহ আছে, প্ৰায় সকলোবোৰেই আছে ৷ নাই মাথো ৰাস্তা ৷ আচৰিত লাগিলেও এইয়াই সঁচা ৷ এটাও ৰাস্তা নাই সেই গাঁৱত ৷ তেন্তে তাত থকা লোকে কেনেদৰে কৰে যাতায়াত ? সেইয়াই হৈছে গাঁওখনৰ বৈশিষ্ট্য ৷ যিটো পৃথিৱীৰ আন কোনো প্ৰান্ততে নাই ৷ যাৰ বাবে প্ৰচুৰ পৰ্যটনৰ থলী হিচাপে গঢ় লৈ উঠিছে গাঁওখন ৷

নেডাৰলেণ্ডৰ গিয়েথুৰ্ন ৷ আমষ্টাৰ্ডাম চহৰৰ পৰা 120 কিলোমিটাৰ নিলগত অৱস্থিত সেই গাঁও ৷ আমষ্টাৰ্ডামৰ পৰা আপুনি গাড়ীৰে সেই স্থানলৈ গ'লেও, গাঁওখনত সোমোৱাৰ পূৰ্বেই যাত্ৰীসকলক নমাই দিয়ে গাড়ীখনে ৷ কিয়নো তাৰ পাচত আৰু গাঁওখনত সোমোৱা পথ নাই ৷ চাৰিওফালে পথৰ সলনি আছে ডাঙৰ ডাঙৰ পানীৰে ভৰা নলা ৷ সেই নলাসমূহ পাৰ কৰাবৰ বাবে তাত অনবৰতে থাকে নাও ৷ এইয়াই হৈছে গাঁওখনৰ বৈশিষ্ট্য ৷ গাড়ীৰ সলনি নাৱেৰে যাতায়াত কৰা হয় সেই গাঁৱত ৷ গাঁৱৰ প্ৰতিটো ঘৰ, প্ৰতিখন দোকানৰ লগতে সংযোগ হৈ আছে সেই নলা সমূহ ৷ চহৰৰ কোলাহলৰ পৰা বহু দূৰৈত অৱস্থিত গাওঁখনৰ নৈসৰ্গিক দৃশ্যই আপ্লুত কৰিব সকলোকে ৷

অৱশ্যে 1958 চনৰ পূৰ্বে সেই গাঁৱৰ বিষয়ে বিশ্ববাসী অজ্ঞাত হৈ আছিল যদিও, বোলছবি পৰিচালক বার্ট হান্ষ্ট্ৰাই তেওঁৰ ফেনফেয়াৰ চিনেমাৰ দৃশ্যগ্ৰহণ কৰিছিল সেই গাঁৱত ৷ তেতিয়াৰ সেই গাঁওখন সকলোৰে আগত পৰিচিত হৈ পৰে ৷

লগতে পঢ়ক: জনা-নজনা: পূৰ্বপুৰুষৰ শৱদেহৰ সৈতে সময় কটায় এওঁলোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.