কলকাতা, ২৫ জুনঃ কলিকাতা আৰক্ষীৰ বিশেষ সফলতা । মঙলবাৰে সন্ত্ৰাস বিৰোধী এক অভিযানত কলকাতা আৰক্ষী স্পেচিয়েল টাস্ক ফৰ্চ (STF) -ৰ এটা দলে চাৰিজনকৈ সন্দেহজনক ISIS সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে । দুটা সন্ত্ৰাসবাদীক শিয়ালদহ ষ্টেচন আৰু আন দুটাক হাওড়া ষ্টেচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ বিশেষ দলটোৱে ।
আনহাতে, সোমবাৰে নিশা শিয়ালদা ৰেল ষ্টেচনৰ পৰা আৰক্ষীৰ বিশেষ দলে দুগৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীকেইটাৰ দুটাক মহম্মদ জিয়াউৰ ৰহমান আৰু মহম্মদ ৰচিদ বুলি জানিব পৰা গৈছে । সন্ত্ৰাসবাদী দুটাৰ পৰা আৰক্ষীয়ে বিভিন্ন ধৰণৰ আপত্তিজনক পত্ৰৰ লগতে ভিডিঅ' আৰু ফটো জব্দ কৰিছে ।