ETV Bharat / bharat

তামিলনাডুৰ প্ৰাক্তন বিজেপি সভাপতি কে. এন. লক্ষ্মননৰ পৰলোকপ্ৰাপ্তি - প্ৰাক্তন বিজেপি নেতা তথা তামিলনাডু বিজেপিৰ সভাপতি কে. এন. লক্ষ্মনন

তামিলনাডুৰ প্ৰাক্তন বিজেপি সভাপতি কে. এন. লক্ষ্মননৰ পৰলোকপ্ৰাপ্তি ৷ 2001-06 চনলৈ মাইলাপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল লক্ষ্মননে আৰু তামিলনাডু বিজেপিত দুবাৰকৈ সভাপতিৰ পদ দখল কৰিছিল ৷

প্ৰাক্তন বিজেপি নেতা তথা তামিলনাডু বিজেপিৰ সভাপতি
তামিলনাডুৰ প্ৰাক্তন বিজেপি সভাপতি কে. এন. লক্ষ্মননৰ পৰলোকপ্ৰাপ্তি
author img

By

Published : Jun 2, 2020, 8:03 AM IST

নেশ্যনেল ডেস্ক, 2 জুন : প্ৰাক্তন বিজেপি নেতা তথা তামিলনাডু বিজেপিৰ সভাপতি কে. এন. লক্ষ্মননৰ সোমবাৰে মৃত্যু হয় ৷ 92 বছৰ বয়সত ছালেমস্থিত বাসভৱনত তেওঁৰ স্বাভাৱিক মৃত্যু হোৱা বুলি বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু কন্যাক ইহ সংসাৰত এৰি থৈ যায় ৷

2001-06 চনলৈ মাইলাপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল লক্ষ্মননে আৰু তামিলনাডু বিজেপিত দুবাৰকৈ সভাপতিৰ পদ দখল কৰিছিল ৷

বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ জৰুৰীকালিন বিৰোধী আন্দোলনৰ(anti-Emergency movement) সময়ত আগবঢ়োৱা অৱদানৰ লগতে তামিলনাডুত বিজেপিৰ প্ৰসাৰত লক্ষ্মননৰ অৱদানক সোঁৱৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ টুইটাৰৰ জৰিয়তে এই শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

  • Anguished by the demise of Shri KN Lakshmanan Ji. He was at the forefront of serving the people of Tamil Nadu and expanding the BJP organisation there. His role in the anti-Emergency movement and participation in socio-cultural activities will always be remembered. Om Shanti.

    — Narendra Modi (@narendramodi) June 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰোপৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও টুইটাৰৰ জৰিয়তে লক্ষ্মননৰ পৰিয়াললৈ শোক বাৰ্তা প্ৰেৰণ কৰে ৷

  • Sorry to hear that Shri.K N. Lakshmanan is no more. As President (3 terms) of @BJP4TamilNadu and also as Member of Legislative Assembly, he had served the people with great dedication. My condolences to his family, friends and all party karyakarta on this loss. pic.twitter.com/xIDhxIZSKI

    — Nirmala Sitharaman (@nsitharaman) June 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লক্ষ্মননৰ নীতি আৰু সাধাৰণ জীৱন-যাপনক সোঁৱৰি তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰাৰঞ্জনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ ডিএমকেৰ সভাপতি এম. কে. ষ্টেলিনেও বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.