ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ বন্ধৰ দাবী বিজেপিৰ

৯ জানুৱাৰীত পূৱ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা অসামৰিক চিকিৎসালয়ৰ নৱজাত শিশুৰ ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডত দহটাকৈ নৱজাত শিশুৰ মৃত্যু হোৱাৰ দাবীত সোমবাৰে ভাণ্ডাৰা জিলা বন্ধৰ দাবী জনায় বিজেপিয়ে । নিহত শিশুসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী ঠাকৰে চৰকাৰক ।

মহাৰাষ্ট্ৰৰ অগ্নিকাণ্ডক লৈ বন্ধৰ দাবী বিজেপিৰ

author img

By

Published : Jan 11, 2021, 11:17 AM IST

নেশ্য়নেল ডেস্ক,১১ জানুৱাৰী: মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা চিকিৎসালয়ত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ সোমবাৰে ভাণ্ডাৰা জিলা বন্ধৰ দাবী জনায় বিজেপিয়ে । শনিবাৰে জিলাখনৰ অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হোৱাত দহটাকৈ শিশু নিহত হয় । এই সন্দৰ্ভত ভাণ্ডাৰা বিজেপি সাংসদে দহটাকৈ শিশুৱে প্ৰাণ হেৰুৱাত শোক ব্যক্ত কৰি সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনোৱাৰ লগতে নিহত শিশুসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী জনায় উদ্ধৱ ঠাকৰে চৰকাৰক ।

দেওবাৰে ঘটনাস্থলীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে উপস্থিত হোৱা সন্দৰ্ভতো সাংসদ সুনীল বাবুৰাও মেণ্ডে খয় যে, এই ঘটনাৰ বাবে চিকিৎসক, নাৰ্চ আদিৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষকো নিলম্বন কৰিব বুলি ভবা হৈছিল যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । যাৰবাবে সোমবাৰে ভাণ্ডাৰা বন্ধৰ দাবী জনায় বিজেপিয়ে ।

উল্লেখ্য যে, ৯ জানুৱাৰীত পূৱ মহাৰাষ্ট্ৰৰ ভাণ্ডাৰা জিলা অসামৰিক চিকিৎসালয়ৰ নৱজাত শিশুৰ ৱাৰ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডত দহটাকৈ নৱজাত শিশুৰ মৃত্যু হয় । ইফালে সাতটাকৈ শিশুৰ কোনো মতে প্ৰাণৰক্ষা পৰে ।

লগতে পঢ়ক: কৰ'ণা দ্বিতীয় প্ৰবাহৰ পাচত ব্ৰিটেইনৰ পৰা প্ৰথমখন বিমান কৰ্ণাটকলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.