ETV Bharat / bharat

স্থগিত হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

author img

By

Published : Mar 24, 2020, 8:26 PM IST

কৰ'ণা সন্ত্ৰাসৰ বাবে 26 মাৰ্চত ৰাজ্যসভাৰ 55 খন আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন স্থগিত ঘোষণা কৰা হৈছে ৷ যদিও 37 গৰাকী প্ৰাৰ্থী ইতিমধ্যে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ৷ বাকী থকা 18 খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল ৷

স্থগিত হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
স্থগিত হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্ক, 24 মাৰ্চ : কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই নিৰ্বাচন আয়োগে 26 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ ভোট গ্ৰহণ স্থগিত ৰাখিছে ৷ উচ্চ সদনৰ 55 খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ অৱশ্যে 37 গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যেই বিনাপ্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে যদিও বাকী 18 খন আসনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্তু বৰ্তমান পৰিস্থিতিৰ বাবে এই নিৰ্বাচন স্থগিত ৰখা হৈছে ৷

ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি শেহতীয়াকৈ দেশৰ প্ৰায় 5 শতাধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ এই সংক্ৰমণ ৰোধৰ বাবে প্ৰায় সমগ্ৰ দেশতে তলা বন্ধ ঘোষণা কৰা হৈছে ৷ 31 মাৰ্চ পৰ্যন্ত ৰে'ল, বিমান, যান-বাহন আদিৰ চলাচল নিষেধ কৰা হৈছে ৷

লগতে পঢ়ক : লক্ডাউন : কৰ'ণাৰ ভয়াৱহতাৰ বাবে ৰাজ্যত অচলাৱস্থা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.