নিউজ ডেস্ক, 4 এপ্ৰিলঃ লক ডাউনৰ পাছতে দিল্লীৰ প্ৰতিজন অসহায় ব্যক্তি, শ্ৰমিক, দুখীয়া পৰিয়ালসমূহক খাদ্য সামগ্ৰীৰ লগতে থকা-শোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছিল কেজৰিৱাল চৰকাৰে ৷ ইয়াৰোপৰি ৰাজ্যখনৰ যিসকল টেক্সি, অ'টো বা ৰিক্সা চালকক 5000 কৈ টকা প্ৰদানৰো আশ্বাস দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কিছু ক্ষেত্ৰত অসত্য প্ৰমাণিত হ'ল চৰকাৰখনৰ সকলো আশ্বাস ৷
দৰাচলতে ৰাজধানী চহৰখনৰ AIIMS গাতে লাগি থকা কিছু স্থানৰ একাংশ লোকৰ আজি পৰ্যন্ত থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহ'ল দিল্লী চৰকাৰ ৷ ফলত লকডাউনৰ দশম দিন পাৰ হৈ যোৱাৰ পাছতো ভালে সংখ্যক লোকে পদপথকে আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে লোকসকল ৷
পৰৱৰ্তী সময়ত উক্ত স্থানত ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈ অসহায় লোকসকলৰ এই পৰিস্থিতি তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ ৰাজধানী চহৰৰ এইখন ছবিয়ে কেজৰিৱাল চৰকাৰৰ ঘোষণাক অসাৰ প্ৰতিপন্ন কৰিছে ৷