জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ফেব্ৰুৱাৰী মাহত দায়িত্ব গ্ৰহণ কৰা উচ্চায়ুক্তগৰাকীয়ে কয় যে এই পৰ্যালোচনা কোনো এক নিৰ্দিষ্ট দেশক লক্ষ্য কৰি কৰা হ’ব বুলি ভাবিব নালাগে । স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাৰ স্বাৰ্থত ৰাষ্ট্ৰসংঘ পৰ্যায়ৰ স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা পৰ্যালোচনা কৰা উচিত বুলি তেওঁ প্ৰকাশ কৰে । বেইজিঙে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা টাইৱানক বহিষ্কাৰ কৰাৰ পাচত চাৰি বছৰৰ অন্তত বিশ্ব স্বাস্থ্য সংস্থাত পৰ্যবেক্ষক হিচাপে টাইৱানৰ পুনৰাগমনৰ
বিষয়ে কৰা এক প্ৰশ্নত উচ্চায়ুক্তগৰাকীৰ উত্তৰ এনেধৰণৰ “যদি কোনো এক ভূ-খণ্ড এখন দেশ হয়, যদি দেশখনৰ সীমাৰ ভিতৰত মানুহে বাস কৰে, তেন্তে নিশ্চিতকৈ দেশখন বিশ্ব স্বাস্থ্য সংস্থাৰ অন্তৰ্ভুক্ত হ’ব লাগে । কাৰণ কোনো দেশেই বেমাৰৰ পৰা মুক্ত নহয় আৰু এই সংস্থাই বেমাৰৰ বিৰুদ্ধে যুঁজাত দেশসমূহক সহায় কৰে ।”
বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যকৰী সমিতিত ভাৰতবৰ্ষই অনাগত কেইটামান সপ্তাহৰ ভিতৰত যোগদান কৰাটো ইতিবাচক ইংগিত বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ COVID-১৯ ৰ বিৰুদ্ধে যুঁজাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগতীয়া পদক্ষেপক প্ৰশংসা কৰি কয় ভাৰতবৰ্ষই এই অতিমাৰীৰ পৰা মুক্ত হৈ ইণ্ডো-পেচিফিক অঞ্চলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । উচ্চায়ুক্তগৰাকীৰ মন্তব্য এনেধৰণৰ “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতা আৰু এক গণতন্ত্ৰত অপ্ৰত্যাশিত লক্ ডাউনৰ প্ৰতি ৰাইজৰ সঁহাৰি সঁচাকৈয়ে অনন্য । স্বেচ্ছাচাৰী দেশ এখনত লক্ ডাউন বলবৎ কৰাটো সহজ । চীনত মাত্ৰ কিছুসংখ্যক প্ৰদেশ আৰু চহৰতহে লক্ ডাউন কৰা হৈছিল । কিন্তু বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত এয়া দেশজোৰা নাগৰিকৰ দ্বাৰা পালন কৰা স্বতঃস্ফূৰ্ত লক্ ডাউন ।” তেওঁ লগতে সদৰী কৰে যে বিশ্বৰ যোগান ব্যৱস্থাত সক্ৰিয় ভূমিকা গ্ৰহণৰ বাবে ভাৰতৰ ইচ্ছাক অষ্ট্ৰেলিয়াই সমৰ্থন কৰে আৰু আৰ চি ই পিৰ অধীনতৃ আহিবলৈ উত্তম সময় আহিব । কাৰণ বিশ্বৰ উৎপাদনকেন্দ্ৰ হোৱাৰ ভাৰতৰ অফুৰন্ত সম্ভাৱনা আছে ।
যদিও অধিকাংশ বিশ্ববিদ্যায়লয়ে কেম্পাছৰ পাঠদানৰ সলনি অনলাইন ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে তথাপি দ্বিপাক্ষিক সম্পৰ্কৰ বাবে শৈক্ষিক ক্ষেত্ৰখনে মূল ভূমিকা গ্ৰহণ কৰিব ।
তেওঁ লগতে আশা কৰে যে ভাৰতে বিমানসেৱা প্ৰথমে আৰম্ভ কৰিবলগীয়া দেশসমূহৰ ভিতৰত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডো থাকিব । উচ্চায়ুক্তগৰাকীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰৰ কিছু অংশ ইয়াত আগবঢ়োৱা হ'ল ।
প্ৰশ্ন: কৰ’ণা ভাইৰাছৰ পৰৱৰ্তী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰিব? পশ্চিমৰ পৰা পূবলৈ ক্ষমতা হস্তান্তৰ হ’ব নেকি?
উত্তৰ : এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ অংশ হ’ব ভাৰতবৰ্ষ । কিয়নো ভাৰতবৰ্ষই কৰ’ণাৰ পৰা মুক্ত হৈ আগবাঢ়িব বুলি আশা কৰা হৈছে । ভাৰতবৰ্ষই বিগত কিছু বছৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সক্ষমতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । ভাৰতবৰ্ষই কেৱল চুবুৰীয়া দেশসমূহক এই সংকটৰ সময়ত নেতৃত্ব দেখুওৱা নাই । বৰঞ্চ প্ৰতিটো সপ্তাহতে আমি দেখা পাওঁ যে দেশখনে পি পি ই, ঔষধ আদি বিশ্বৰ বিভিন্ন দেশক যোগান ধৰি আছে । ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো ভাল লক্ষণ । সামৰিক খণ্ডত ব্যয় কৰোঁতা শীৰ্ষ ছয়খন দেশৰ অন্যতম হিচাপে নহয় ভাৰতক অনাগত দিনত অৰ্থনৈতিকভাৱে শক্তিশালী শীৰ্ষ পাঁচখন দেশৰ এখন হিচাপে চোৱাৰ আমি আশা কৰিব পাৰোঁ । মই ভাৰতবৰ্ষ, অষ্ট্ৰেলিয়া আৰু ইণ্ডোনেছিয়াই ভাৰতীয় মহাসাগৰ তথা দক্ষিণ এছিয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰোঁ ।
প্ৰশ্ন : এই বৰ্ষতে আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্বাচন অনুষ্ঠিত হ’ব, আমেৰিকাই বিশ্বৰ নেতৃত্ব বহনৰ ক্ষেত্ৰত অধিক সতৰ্ক হ’ব নেকি?
উত্তৰ : মোৰ ব্যক্তিগত মত যদি সোধে তেন্তে ক’ম যে, বিগত কিছু বছৰত এই ক্ষেত্ৰত আমেৰিকাৰ বেছি ইচ্ছা দেখা পোৱা নাই । মাৰ্চত ব্ৰুনীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰে দিয়া এক ভাষণৰ উল্লেখ কৰিব বিচাৰিম । তেওঁ কৈছিল যে বিশ্বৰ শৃংখলা ৰাষ্ট্ৰীয়তাবাদ আৰু প্ৰতিযোগিতাৰ ফলত ব্যাহত হৈ পৰিছে । যাৰ ফলত যেতিয়া কোনো এক সমস্যা সমাধানৰ উদ্দেশ্যে বহু দেশক জড়িত কৰোৱা যায় তেতিয়া বহু পৃথক পৃথক সম্পৰ্কৰ সৃষ্টি হয় ।
প্ৰশ্ন : COVIDৰ পাচৰ পৃথিৱীখন অধিক ৰাষ্ট্ৰবাদ আৰু সুৰক্ষাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব নেকি? দেশসমূহ অধিক আভ্যন্তৰীণ কেন্দ্ৰিক হৈ পৰিব নেকি?
উত্তৰ : সমাজবোৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰে কেনেদৰে চলিব সেয়া সন্ধান কৰাটোৱেই হৈছে কূটনীতিবিদসকলৰ কাম । আমি যদি জল পৰিবহনৰ ক্ষেত্ৰত চাওঁ, ইউনাইটেড নেশ্বনছ কনভেনশ্বন অৱ্ ল’ অৱ্ চীজৰ বিভিন্ন নীতি-নিয়ম অনুসৰি জাহাজসমূহ চলে । যদি আমি দেশসমূহে ৰাষ্ট্ৰীয়তাবাদ আৰু প্ৰতিযোগিতাৰ নামত সেই নিয়মসমূহ ব্যাহত কৰিবলৈ লওঁ সেয়া পৃথিৱীখনৰ বাবে সমস্যা হৈ পৰিব । আমি ভাৰসাম্য আৰু পৰিৱৰ্তন ৰক্ষা কৰি চলিব লাগিব । দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দেশসমূহে যেনেদৰে শাসন কৰাৰ কিছু উপায় লাভ কৰিছিল একেই ভাৰসমাস্যতা এইবাৰো ৰক্ষা হ’ব বুলি মই আশাবাদী ।
প্ৰশ্ন : অষ্ট্ৰেলিয়াস্থিত চীনৰ ৰাষ্ট্ৰদূতে সকীয়নি দিছে যে যদিহে অষ্ট্ৰেলিয়াই কৰ’ণা ভাইৰাছৰ উৎপত্তি সন্দৰ্ভত আন্তৰ্জাতিক অনুসন্ধানৰ দাবী কৰি থাকে তেন্তে চীনে অষ্ট্ৰেলিয়াক সুৰা আৰু গোমাংসৰ যোগান বন্ধ কৰিব । চীনে নিউজিলেণ্ডেও ব্যৱসায়িক ফল ভোগ কৰিব লাগিব বুলি ভাবুকি দিছে । আপুনি এই সন্দৰ্ভত কি ভাবে?
উত্তৰ : ভাৰতৰ দৰে অষ্ট্ৰেলিয়াও বিশ্ব স্বাস্থ্য সংস্থাৰ বন্ধু । প্ৰশান্ত মহাসাগৰীয় অঞ্চল তথা আমাৰ ওচৰ-চুবুৰীয়াত সংস্থাটোৱে যথেষ্ট কাম কৰা আমি দেখিবলৈ পাইছোঁ । এই মহামাৰীৰ সময়তে পৰৱৰ্তী আন এটা সংকট সৃষ্টি কৰাৰ চেষ্টা আমি বন্ধ কৰিব লাগে । পৰৱৰ্তী আন এটা সংকট অনিবাৰ্য । COVIDৰ পৰা মানুহ মুক্ত হোৱাৰ পাচত উপযুক্ত সময়ত এই বেমাৰটো কেনেদৰে বিয়পিলে, বিভিন্ন দেশসমূহে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে, তথ্যবোৰ আনৰ লগত কেনেদৰে ভগাইছে, বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকা আদি
বিষয়ত এক স্বতন্ত্ৰ তদন্ত হ’ব লাগে বুলি অষ্ট্ৰেলিয়াই বিশ্বাস কৰে । এয়া কোনো এখন নিৰ্দিষ্ট দেশ বা সংস্থাৰ ক্ষেত্ৰত নহয় । এয়া সমালোচনা কৰাৰ সঠিক সময় নহয় । কিন্তু পৃথিৱীখন যদি পৰৱৰ্তী সময়ত অনুৰূপ পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়া যাতে আমি ভালদৰে প্ৰস্তুত হ'ব পাৰোঁ তাৰ বাবে এয়া মূল্যায়ন ।
প্ৰশ্ন : কিন্তু যদিহে এই পৰ্যালোচনাৰ আহ্বান কোনো নিৰ্দিষ্ট দেশকেন্দ্ৰিক নাছিল তেন্তে চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিণাম সম্পৰ্কেও মন্তব্য কৰিছে । স্বতন্ত্ৰ তদন্তৰ বাবে অষ্ট্ৰেলিয়াই দাবী কৰি যাবনে?
উত্তৰ : জি-২০ ৰ অন্ লাইন সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰা এটা বিষয় আছিল বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰ । এই অতিমাৰীৰ ফলত মানৱ সম্পদ, অৰ্থনীতি হেৰুওৱা বহু দেশে পৰৱ্ৰতী সংকটৰ সৈতে যুঁজিবলৈ ভালদৰে সাজু থকাটো বিচাৰিব যাতে ইয়াৰ প্ৰভাৱ অনুৰূপ ধৰণে নপৰে । চীনে কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেই বিষয়ে যদি আপুনি জানিব বিচাৰে তেনেহ’লে আপুনি হয়তো ভাৰতস্থিত চীনৰ ৰাষ্ট্ৰদূতৰ লগত কথা পাতিব লাগিব । মই এটা কথাই জানো যে যেতিয়া ব্যৱসায়, ৰাজনীতি বা ব্যক্তিগত জীৱনত সংকটৰ সন্মুখীন হোৱাৰ পাচত এই সংকটৰ লগত আমি কেনেদৰে ভালকৈ মুখামুখি হ'ব পাৰিলোঁহেতেন সেই বিষয়ে আমি বহুতেই চিন্তা কৰোঁ । এয়া কেৱল এখন দেশকলৈ নহয়, কাৰণ আমি সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ ভয়াৱহতা দেখিছোঁ । ভাৰতবৰ্ষ আৰু অষ্ট্ৰেলিয়াই যথেষ্ট ভাল কাম কৰি আছে । কিন্তু বহু ডাঙৰ, চহকী আৰু উন্নত দেশৰ বিশাল স্বাস্থ্যসেৱাও বিফল হোৱা দেখা পাইছোঁ । তেনে ক্ষেত্ৰত বিশ্বৰ ভৱিষ্যতৎৰ স্বাৰ্থত এই বিপদৰ পৰা আমি শিক্ষা লোৱা উচিত ।
প্ৰশ্ন : ১৬ টা সংস্থাৰে গঠিত আমেৰিকাৰ চোৰাংচোৱা সমাজৰ মতে কৰ’ণা ভাইৰাছ মানুহৰ দ্বাৰা সৃষ্ট নহয় বা জেনেটিকভাৱে সৃষ্টি কৰা নহয় বুলি ঐক্যমতত উপনীত হোৱা গৈছে । কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ জন্তুৰ সংস্পৰ্শত বা পৰীক্ষাগাৰৰ দুৰ্ঘটনাৰ বাবে হৈছে নেকি সেই বিষয়ত এই সংস্থাসমূহে অনুসন্ধান অব্যাহত ৰাখিব বুলি জনাইছে । এই ক্ষেত্ৰত আপোনাৰ মতামত জানিব বিচাৰিম ।
উত্তৰ : তেনেধৰণৰ কাম এখন নিৰ্দিষ্ট দেশৰ সলনি ৰাষ্ট্ৰসংঘৰ লগ জড়িত থকা সংস্থাৰ দ্বাৰা হোৱাটোহে মই বিচাৰিম । যদি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ দ্বাৰা এক স্বতন্ত্ৰ পৰ্যালোচনা সম্পাদন কৰা হয় তেতিয়াহে আমি এই পৰ্যালোচনাক মুক্ত, স্বচ্ছ আৰু সঠিক বুলি ক’ব পাৰিম । মই কোৱা নাই যে আমেৰিকা যুক্তৰাষ্ট্ৰই মিছা কথা ক'ব । কিন্তু যদি আমেৰিকা, ভাৰতবৰ্ষ বা অষ্ট্ৰেলিয়া আদি কোনোবা এখন দেশে যদি এই তদন্ত কৰে তেনেহ’লে তেওঁলোকৰ এজেণ্ডা থকা বুলি কোনোবাই নহয় কোনোবাই আঙুলি উঠাব । গতিকে সঠিক সময়ত উপযুক্তভাৱে অনুমোদিত আন্তঃৰাষ্ট্ৰীয় পৰ্যালোচনাহে কৰা উচিত ।
প্ৰশ্ন : বিশ্ব স্বাস্থ্য সংস্থালৈ টাইৱানৰ পুনৰাগমনৰ বাবে অষ্ট্ৰেলিয়াৰ দাবী সন্দৰ্ভত আপোনাৰ মন্তব্য আশা কৰিছোঁ ।
উত্তৰ : এই মহামাৰীৰ পৰাই আমি শিকিছোঁ যে দ্বীপ ৰাষ্ট্ৰ হোৱা সত্বেও ৰাষ্ট্ৰীয় সীমান্তই এই সংক্ৰমণ ৰোধ কৰিব নোৱাৰে । আমাৰ দৰে কোনো দেশে নিজৰ ভূ-খণ্ডত এই ভাইৰাছ উপস্থিত হ’ব নোৱাৰিব বুলি আঁতৰি থাকিব নোৱাৰে । গতিকে এছ এ আৰ এছ, ইবোলা আৰু সকলো মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশকে সাঙুৰি ল’ব লাগে । এয়া ভাৰত বা টাইৱান কোনো নিৰ্দিষ্ট দেশকেন্দ্ৰিক হ'ব নালাগে । যদি সেই ভূখণ্ড এখন দেশ হয়, তাত যদি কোনো প্ৰকাৰৰ চৰকাৰ আছে, তাৰ সীমাৰেখাৰ ভিতৰত যদি মানুহে বসবাস কৰে তেনেহ’লে সেই দেশখন বিশ্ব স্বাস্থ্য সংস্থাৰ অন্তৰ্ভুক্ত হ’ব লাগে । যিহেতু কোনো দেশেই বেমাৰৰ পৰা মুক্ত নহয়, বিশ্ব স্বাস্থ্য সংস্থাই দেশসমূহক সহায় কৰাৰ বাবে আগবাঢ়ি আহিব লাগে ।
প্ৰশ্ন—কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্ব আৰু সংস্থাটোৰ চীনৰ প্ৰতি পক্ষপাততিত্ব সন্দৰ্ভত অভিযোগ উত্থাপিত হৈছে । বৰ্তমান ৰাষ্ট্ৰসংঘৰ বহুকেইটা সংস্থাৰে নেতৃত্বত চীনৰ নাগৰিক আছে । টাইৱানৰ পুনৰ আগমনৰ সম্ভাৱনা আপুনি দেখেনে ?
উত্তৰ : অষ্ট্ৰেলিয়া বিশ্ব স্বাস্থ্য সংস্থাৰ বন্ধু । আমাৰ অঞ্চলত কৰা ভাল কামৰ বাবে আমি বিশ্ব স্বাস্থ্য সংস্থাক বৰঙণি আগবঢ়াই যাম । বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰত মোৰ বিশ্বাস বাঢ়ি গৈ আছে । কিয়নো এই বৰ্ষৰ শেষৰ পিনে ভাৰতবৰ্ষই সংস্থাটোৰ নেতৃত্ব বহন কৰিব । ইতিহাসত বহু মহামাৰী নিয়ন্ত্ৰণ কৰা ভাৰতৰ দৰে দেশ এখনে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিষদৰ নেতৃত্ব দিয়াটো সকলোৰে বাবে মংগলজনক হ’ব ।
প্ৰশ্ন : যিহেতু দেশসমূহ ক্ষমতাৰ ক্ষেত্ৰত অধিক আগ্ৰাসী হৈ পৰিছে, তেনেস্থলত বহুদেশীয় সংস্থাসমূহৰ কোনো পৰিৱৰ্তন নঘটিলে দেশসমূহক নিয়ন্ত্ৰণ কৰাটো কিদৰে আশা কৰিব পাৰি? কোনো বিকল্প ব্যৱস্থাৰ আশা কৰিব পাৰিনে?
উত্তৰ : প্ৰথমতে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য । সংস্থাৰ দৰে অনুষ্ঠানবোৰৰ বৰ্তমানৰ নীতি-নিময়বোৰ আমি শক্তিশালী কৰিব লাগিব । আমি নিজৰ অঞ্চলৰ লগতে দক্ষিণ চীন সাগৰৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছোঁ । এই অঞ্চলত অব্যাহত থকা কিছু বিৰোধ দূৰ কৰাৰ বাবে পৰিকল্পনাও আছে । এই জলপথৰ লগতে ইয়াৰ জৰিয়তে পৰিবাহিত কিছু সামৰিক শক্তিকলৈও আমি দেশ হিচাপে চিন্তিত । শেহতীয়াকৈ আম এখন ভিটেয়নামৰ মাছমৰীয়া নাও ডুবা দেখা পাইছোঁ । তদুপৰি তেল আৰু গেছৰ ক্ষেত্ৰত দেশ দুখনে বাধা দিয়া চকুত পৰিছে । ইউ এন চি এল অ’ এছে নিৰ্দিষ্ট নীতি-নিয়ম ধৰি দিয়াৰ পাচত এনেধৰণৰ কাৰ্য গ্ৰহণযোগ্য হ’ব নোৱাৰে । এটা পক্ষই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাটো সমীচিন নহয় । এনেধৰণৰ বিষয়বোৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘই হ’ব উপযুক্ত স্থান ।
প্ৰশ্ন : জাৰ্মানী, অষ্ট্ৰেলিয়া, জাপান, ভাৰতবৰ্ষ আদি দেশে অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আপুনি ভাবেনে ?
উত্তৰ : ভাৰত মহাসাগৰত ভাৰতে পালন কৰা গুৰুত্বূপূৰ্ণ ভূমিকাৰ দৰে আমি প্ৰশান্ত মহাসাগৰীয় অঞ্চলত একেই ভূমিকা পালন কৰি আহিছোঁ । সাম্প্ৰতিক সময়ত আমি ভাৰত, জাপান, কোৰিয়া, নিউজিলেণ্ড আৰু আমেৰিকাই সাপ্তাহিক আলোচনাত মিলিত হৈছোঁ । আমি বৰ্তমানৰ COVID-১৯ ৰ পৰিস্থিতিৰ লগতে পৰৱৰ্তী অৱস্থা সম্পৰ্কে আলোচনা কৰি আহিছোঁ । COVID-১৯ ৰ পৰৱৰ্তী পৃথিৱীখনত ইণ্ডো-পেচিফিক আৰু আন দেশসমূহৰ সম্পৰ্ক অধিক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব ।
প্ৰশ্ন : বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ পৰ্যায়ত অনুষ্ঠিত হ’ব লগা ‘Quadrilateral Security Dialogue’ ৰ ভৱিষ্যত আপুনি কেনেধৰণে চায়? ভাৰতীয় মহাসাগৰত উপস্থিতি থকা ফ্ৰান্সক সাঙুৰি লোৱাৰ কিবা সম্ভাৱনা আছে নেকি?
উত্তৰ : ছাইবাৰ সন্ত্ৰাবসবাদ, সন্ত্ৰাসবিৰোধী নীতি, ছাইবাৰ আৰু জলপথ নিৰাপত্তা আদিৰ ক্ষেত্ৰত এয়া এক উপযুক্ত মঞ্চ হিচাপে পৰিগণিত হৈছে । বিগত সমময়ত এই মঞ্চখন মন্ত্ৰী পৰ্যায়লৈ যোৱাত আমি আনন্দিত ।
প্ৰশ্ন : ভাৰতত অব্যাহত থকা দেশজোৰা লক্ ডাউন সন্দৰ্ভত আপোনাৰ মন্তব্য ।
উত্তৰ : এই মহামাৰীৰ সময়ত ভাৰতবৰ্ষই উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে । মই যেতিয়া ফেব্ৰুৱাৰীত ভাৰতত উপস্থিত হৈছিলোঁ তেতিয়া কৰ’ণা ভাইৰাছে দেশখনত পেলাব পৰা প্ৰভাৱ সম্পৰ্কে বিভিন্ন চৰ্চা চলিছিল । বিগত সপ্তাহত বিশিষ্ট অৰ্থনীতিবিদ শ্বামিকা ৰাৱিয়ে মন্তব্য কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে লক্ ডাউন ঘোষণা নকৰা হ’লে দেশত ৮৫০,০০০ ৰো অধিক লোক কৰ’ণাত আক্ৰান্ত হ’লহেঁতেন । এখন গণতান্ত্ৰিক দেশত প্ৰধানমন্ত্ৰী মোদীৰ এই খৰতকীয়া তথা আগতীয়া প্ৰচেষ্টা অনন্য । এই কাম এখন স্বেচ্ছাচাৰী দেশত কৰাচো উজু । চীনত মাত্ৰ কিছুসংখ্যক প্ৰদেশ আৰু চহৰতহে লক্ ডাউন কৰা হৈছিল । কিন্তু বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনত এয়া দেশজোৰা নাগৰিকৰ দ্বাৰা পালন কৰা স্বতঃস্ফূৰ্ত লক্ ডাউন । জনতাই ইচ্ছাকৃতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সান্ধ্য আইন পালন কৰিছে । এয়া সঁচাকৈয়ে ব্যতিক্ৰম ।
প্ৰশ্ন : আৰ চি ই পিৰ ভৱিষ্যত কি? বহুতৰে মতে ভাৰতবৰ্ষই ইয়াত অন্তৰ্ভুক্ত নোহোৱাটো আশীৰ্বাদ স্বৰূপ আছিল ।
উত্তৰ : ভাৰতে যদি বিচাৰে দুৱাৰ মুকলি আছে । বহুতৰ মতে ইয়াত যোগদান কৰাৰ বাবে ইয়াই উপযুক্ত সময় । বিশ্বৰ যোগান ব্যৱস্থাত ভাৰতে ডাঙৰ ভূমিকা লোৱাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াই সমৰ্থন কৰে । যদি ভাৰতবৰ্ষই এতিয়াই আৰ চি ই পিত যোগদান কৰে তেতিয়া সমগ্ৰ বিশ্বতে এটা বাৰ্তা যাব যে ভাৰতবৰ্ষ বিনিয়োগৰ উপযুক্ত স্থান হোৱাৰ লগতে উৎপাদন ক্ষেত্ৰত হোৱাৰো প্ৰচুৰ সম্ভাৱনা আছে ।
লেখিকা : স্মিতা শৰ্মা, সাংবাদিক, নতুন দিল্লী
লগতে পঢ়ক : ঘোষিত হ'ল ১০৪ সংখ্যক পুলিটজাৰ বঁটা, বঁটাপ্ৰাপকৰ তালিকাত তিনি ভাৰতীয়