নেশ্যনেল ডেস্ক, 2 মাৰ্চঃ উচ্চতম ন্যায়ালয়ে 4 মাৰ্চত দিল্লী সংঘৰ্ষক লৈ উচতনিমূলক মন্তব্য দিয়া চাৰিগৰাকী ৰাজনীতিকৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰৰ ভিত্তিত দাখিল কৰা আবেদনৰ শুনানি প্ৰদান কৰিব ৷ মুখ্য ন্যয়াধীশ এছ.এ বোবড়েৰ নেতৃত্বত বিচাৰপীঠে ইয়াৰ শুনানি প্ৰদানৰ বাবে সন্মত হয় ৷
দিল্লী সংঘৰ্ষৰ ভুক্তভোগীৰ ফালৰ পৰা অধিবক্তা কোলিন গোনচাল্ভিছে দাখিল কৰিছে এই আবেদন ৷ জেষ্ঠ অধিবক্তা আবেদনকাৰীসকলৰ হৈ কোলিন গোনচাল্ভিছে বিচাৰপীঠসকলক জনাই যে দিল্লী সংঘৰ্ষত নিহতৰ ঘটনা পোহৰলৈ আহি থকাৰ বাবে সংঘৰ্ষৰ চাৰিদিনলৈ দিল্লী উচ্চ ন্যায়ালয়ে শুনানি পিছুৱাই আছিল ৷
কিন্তু বিচাৰপীঠসকলে গোনচাল্ভিছক প্ৰকাশ কৰে যে, ন্যায়লয় এনেধৰণৰ হিংসাত্মক ঘটনাক নিয়ন্ত্ৰণ কৰাৰ বাবে সাজু নহয় আৰু ইয়াক নিয়ন্ত্ৰণ কৰা কাৰ্যপালিকাৰ কাম ৷ ইয়াৰোপৰি বিচাৰপীঠসকলে কয় ‘আমি শান্তি বিচাৰো কিন্তু ন্যায়ালয়ৰ কিছুমান সীমাবদ্ধতা থাকে ’৷ ‘আমি ইয়াকে লৈ বাতৰিত প্ৰকাশ পোৱা মন্তব্যবোৰতো নজৰ ৰাখি আছো’ বুলি বিচাৰপীঠে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, 23 ফেব্ৰুৱাৰীত উত্তৰ-পূৱ দিল্লীৰ জাফৰাবাদ, মাউজপুৰ, বাবৰপুৰ, চান্দবাগ, শিৱ বিহাৰ, ভজনপুৰা, যমুনা বিহাৰ আৰু মুষ্টাফাবাদ অঞ্চলত হিংসাত্মক ঘটনাই ভয়ংকৰৰূপ ধাৰণ কৰিছিল ৷ এই সংঘৰ্ষত 200ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছিল ৷
ইয়াৰোপৰি বৃহৎ পৰিমাণৰ সম্পত্তি ধ্বংস হোৱাৰ লগতে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছিল ৷
দিল্লী আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে 254টা গোচৰ ৰুজু কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত 903 গৰাকী লোকক আটক কৰিছে ৷ ইয়াৰোপৰি 41 টা গোচৰ অস্ত্ৰ আইনৰ অধীনত ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷
আনহাতে বুধবাৰৰ পৰা আইবি বিষয়া অংকিত বৰ্মাসহ বহুকেইটা মৃতদেহ নলাৰ পৰা উদ্ধাৰ কৰা হৈছে ৷