ETV Bharat / bharat

কানহায়া কুমাৰৰ বিৰুদ্ধে থকা ৰাষ্ট্ৰদোহৰ গোচৰৰ তদন্তত অনুমোদন

author img

By

Published : Feb 28, 2020, 10:18 PM IST

1200 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পাচত 2016 চনৰ 9 ফেব্ৰুৱাৰীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰাষ্ট্ৰদোহৰ গোচৰৰ তদন্ত কৰিবলৈ অৱশেষত দিল্লী চৰকাৰে অনুমোদন জনালে আৰক্ষীক ৷

Kanhaiya in sedition case
কানহায়া কুমাৰৰ বিৰুদ্ধে থকা ৰাষ্ট্ৰদোহৰ গোচৰৰ তদন্তৰ বাবে অনুমোদন জনালে দিল্লী চৰকাৰে

নতুন দিল্লী , 28 ফেব্ৰুৱাৰীঃ 2016 চনৰ 9 ফেব্ৰুৱাৰীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰাষ্ট্ৰদোহৰ গোচৰৰ তদন্ত কৰিবলৈ অৱশেষত দিল্লী চৰকাৰে অনুমোদন জনালে আৰক্ষীক ৷

চলিত বৰ্ষৰ 14 জানুৱাৰীত জে.এন.ইউৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি কানহায়া কুমাৰ আৰু অন্য দুজন ছাত্ৰ ক্ৰমে ওমৰ খালিদ আৰু অৰ্নিবান ভট্টাচাৰ্যকে ধৰি সমগ্ৰ ঘটনাৰ লগত জড়িত সকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে,আৰক্ষীয়ে দাখিল কৰা এই অভিযোগনামা আছিল 1200 পৃষ্ঠাৰ ৷

ইয়াৰ পাচতে 26 ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীৰ বিশেষ শাখাই সমগ্ৰ ঘটনাটোৰ মীমাংসাৰ বাবে অতি শীঘ্ৰে অনুমোদন জনাবলৈ অনুৰোধ জনাই দিল্লীৰ গৃহ সচিবলৈ পত্ৰ প্ৰেৰণ কৰি কৰিছিল ৷ সেই দিনাই দিল্লী আদালতে কানহায়া কুমাৰ আৰু আন সকলৰ বিৰুদ্ধে তদন্ত কৰিবলৈ গোচৰটোৰ সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৷

আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত কোৱা হৈছে যে,বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উক্ত প্ৰতিবাদী কাৰ্যসূচীটো অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান নকৰাৰ পাচত ওমৰ খালিদে এছ.এম.এছৰ জৰিয়তে কানহায়া কুমাৰক সবৰমতী ধাবালৈ আহিবলৈ কৈছিল ৷ ইয়াৰোপৰি সেই দিনটোত প্ৰতিবাদৰ সময়ত একাংশ কাশ্মীৰী ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু তেওঁলোক ওমৰ খালিদৰ সৈতে সঘনাই যোগাযোগত আছিল বুলিও অভিযোগনামাত স্পষ্টকৈ উল্লেখ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক , ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰা হ'ল শ্বাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.