ভুৱনেশ্বৰ, 9 নৱেম্বৰ: ওড়িশাৰ উপকূলৱৰ্তী জিলা সমূহত 'বুলবুল'ৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ আনহাতে পাৰাদ্বীপতো শুকুৰবাৰে পুৱাৰ পৰা হয় প্ৰৱল বৃষ্টিপাত হৈ আছে ৷ বৰ্তমানলৈ পাৰাদ্বীপত বৰষুণৰ মাত্ৰা হৈছে 159 মি:মি, চান্দবালিত 143 মি:মি আৰু বলেশ্বৰত 32 মি:মি ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি পাৰাদ্বীপৰ পৰা 130 কি:মি দূৰত্বৰে প্ৰতিঘন্টাত 7 কি:মি গতিবেগেৰে পশ্চিমবংগৰ দিশে অগ্ৰসৰ হৈছে বুলবুল ৷ প্ৰৱল বৃষ্টিপাতে ধ্বংসলীলা চলায় কেন্দ্ৰপাৰা জিলাত ৷ বৃষ্টিপাত আৰু ধুমুহাৰ ফলত গছ বাগৰি ব্যাহত হৈ পৰে যাতায়ত ব্যৱস্থা ৷


লগতে চাওকঃ তিনি বছৰ পিচত ডিটেনচন কেম্পৰ পৰা মুকলি বঙাইগাঁৱৰ পাঁচ নাগৰিকক