ETV Bharat / bharat

2.9 কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল চাইবাৰ অপৰাধীৰ

author img

By

Published : May 24, 2020, 4:10 PM IST

2.9 কোটি চাকৰি প্ৰত্যাশী ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল চাইবাৰ অপৰাধীৰ ৷ ই-মেইল, ফোন নম্বৰ, ঘৰৰ ঠিকনা, অৰ্হতা, কৰ্ম অভিজ্ঞতা আদি ফাদিল কৰিলে ডাৰ্ক ৱেবত ৷

ডাৰ্ক ৱেবত ফাদিল তথ্য
2.9 কোটি ভাৰতীয়ৰ ব্যক্তিগত তথ্য ফাদিল চাইবাৰ অপৰাধীৰ

নেশ্যনেল ডেস্ক, 2 4 মে': অনলাইন ইন্টেলিজেন্স ফাৰ্ম Cyble য়ে জানিবলৈ দিয়া অনুসৰি, প্ৰায় 2.9 কোটি চাকৰি প্ৰত্যাশী ভাৰতীয়ৰ ব্যক্তিগত তথ্য চাইবাৰ অপৰাধীয়ে ডাৰ্ক ৱেবত ফাদিল কৰিছে ৷ কোম্পানীটোৱে জানিবলৈ দিয়া অনুসৰি, ফেছবুক আৰু ভাৰতীয় শিক্ষা প্ৰযুক্তিবিদ্যা ফাৰ্ম Unacademy হেক কৰিছে চাইবাৰ অপৰাধীয়ে ৷

Cyble য়ে এক ব্লগৰ জৰিয়তে শুকুৰবাৰে কয়, "29.1 মিলিয়ন ভাৰতীয় চাকৰি প্ৰত্যাশীৰ ব্যক্তিগত তথ্য বিনামূলীয়াকৈ ডাৰ্ক ৱেবত ফাদিল কৰি দিয়া হৈছে ৷ আমি এনেধৰণৰ কাৰ্য পূৰ্বেও প্ৰত্যক্ষ কৰিছো কিন্তু, এইবাৰ চাকৰি প্ৰত্যাশীসকলৰ শিক্ষা, ঠিকনা আদি ব্যক্তিগত তথ্য ফাদিল কৰা হৈছে ৷"

ভাৰতৰ বহু কেইটা শীৰ্ষ স্থানৰ চাকৰি ৱেবছাইটৰ তথ্য এনেদৰে চাইবাৰ অপৰাধীয়ে ফাদিল কৰি দিছে ৷ Cyble য়ে জানিবলৈ দিয়া অনুসৰি, চাইবাৰ অপৰাধীৰ উৎস সম্পৰ্কত বৰ্তমান তদন্ত আৰম্ভ কৰা হৈছে ৷

এই ব্যক্তিগত তথ্যসমূহৰ ভিতৰত অন্যতম হৈছে - ই-মেইল, ফোন নম্বৰ, ঘৰৰ ঠিকনা, অৰ্হতা, কৰ্ম অভিজ্ঞতা আদি ৷

Cyble য়ে কয় যে, চাইবাৰ অপৰাধীসকলে এনে ধৰণৰ ব্যক্তিগত তথ্য ফাদিল কৰাৰ জৰিয়তে পৰিচয় চুৰিকাৰ্য, দূৰ্নীতি, কৰ্পৰেট গুপ্তচৰ আদি অনৈতিক কাৰ্য সংঘটিত কৰিব বিচাৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.