ETV Bharat / bharat

মধ্যাহ্ন ভোজন বন্ধ হৈ পৰাৰ বাবে খেতি পথাৰত শিশু - শিক্ষানুষ্ঠান

কৰ'ণা ভাইৰাছৰ বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ থকাৰ বাবে বিহাৰৰ মুজাফৰপুৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বৰ্তমান ভোক নিবাৰণ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলে সাংবাদিকৰ আগত জনোৱা অনুসৰি, বৰ্তমান মধ্যাহ্ন ভোজন প্ৰদান কৰা হোৱা নাই যাৰবাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে ।

covid-lockdown-with-schools-shut-and-no-mid-day-meals-kids-return-to-farms

author img

By

Published : Jul 8, 2020, 9:57 PM IST

নিউজ ডেস্ক, ৮ জুলাই : কৰ'ণা ভাইৰাছৰ বাবে বৰ্তমান বন্ধ হৈ আছে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান । চৰকাৰীখণ্ডৰ বিদ্যালয়ত অধ্যয়ণ কৰা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ণৰ সমান্তৰালভাবে মধ্যাহ্ন ভোজনৰ জৰিয়তে ভোক নিবাৰণ কৰি আহিছিল । কিন্তু কৰ'ণা ভাইৰাছৰ বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ থকাৰ বাবে বিহাৰৰ মুজাফৰপুৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বৰ্তমান ভোক নিবাৰণ কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলে সাংবাদিকৰ আগত জনোৱা অনুসৰি, বৰ্তমান মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । আনকি মধ্যাহ্ন ভোজনৰ ওপৰত চৰকাৰে কোনো ধৰণৰ মন্তব্য প্ৰদান নাই কৰা বুলি অভিভাৱক সকলে জানিবলৈ দিয়ে ।

অভিভাৱক সকলে অভিযোগ কৰা অনুসৰি, চৰকাৰে মধ্যাহ্ন ভোজন আৰু টকা যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ সামগ্ৰী নাই পোৱা বুলি উল্লেখ কৰে । যাৰবাবে বৰ্তমান মুজাফৰপুৰৰ বহুতো শিশুৱে পেটৰ তাড়নাত খেতি পথাৰত কাম কৰিব লগা হোৱা বুলি উল্লেখ কৰে অভিভাৱকসকলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.