ETV Bharat / bharat

অসমৰ চাহ বাগানসমূহত ক’ভিড-১৯ৰ ফলত সৃষ্টি হৈছে টাইম বোমা - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিৰক্ষৰতা আৰু সচেতনতাৰ অভাৱৰ মাজতেই এই বিষয়টোৱে এনে এক চিন্তাৰ সূচনা কৰিছে যে অসমৰ চাহ বাগানসমূহ সম্ভৱতঃ বাৰুদৰ মোনাৰ ওপৰত বহি আছে যি সোনকালেই ফুটিব পাৰে ।

অসমৰ চাহ বাগানসমূহত ক’ভিড-১৯ৰ ফলত সৃষ্টি হৈছে টাইম বোমা

author img

By

Published : Mar 25, 2020, 8:42 AM IST

সমৰ প্ৰায় আঠশ চাহ বাগিছাৰ ঘন বসতিপূৰ্ণ লাইনবোৰৰ নিৰ্জীৱ কাহিনীবোৰ সকলোৰে জ্ঞাত। যাৰ বাবেই হয়তো অধিকাংশ যুৱকে দূৰণিৰ ৰাজ্যসমূহত উদ্যোগ,ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়,হোটেল,দোকান বা ক্ষুদ্ৰ উদ্যোগসমূহত চাকৰি বিচাৰি ঢাপলি মেলে।

Covid-2019 is a ticking time-bomb in Assam's tea gardens
ক’ভিড-১৯ৰ আতংক

ক’ৰণা ভাইৰাছ ক’ভিড-১৯ অনিয়ন্ত্ৰিতভাৱে দ্ৰুত গতিৰে বিয়পি পৰাত চৰকাৰে লক আউট ঘোষণা কৰাত অসমৰ চাহ জনগোষ্ঠীৰ এইসকল যুৱক ঘৰলৈ উভতি আহিছে । ২২ খন ৰাজ্য লকআউটত থকাৰ পাছত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজোৰা লকআউট ঘোষণা কৰিছে । এইসকল যুৱকৰ স্বাস্থ্য পৰীক্ষা নকৰাত বা অপৰ্যাপ্ত চিকিৎসা আন্তঃগাঁথনি, ভাইৰাছ সংক্ৰমণ হ’ব পৰাকৈ চাহ বাগানসমূহৰ অনুকূল পৰিৱেশৰ পৰিপ্ৰেক্ষিতত আক্ৰান্ত ৰাজ্যসমূহৰ পৰা উভতি অহা এইসকল যুৱকে ভয়ংকৰ ভাইৰাছ কঢ়িয়াইছে নে নাই তাৰ কোনো সম্পূ্ৰ্ণ প্ৰমাণ নথকাত উদ্বেগৰ কাৰণ হৈ পৰিছে ।

নিৰক্ষৰতা আৰু সচেতনতাৰ অভাৱৰ মাজতেই এই বিষয়টোৱে এনে এক চিন্তাৰ সূচনা কৰিছে যে অসমৰ চাহ বাগানসমূহ সম্ভৱতঃ বাৰুদৰ মোনাৰ ওপৰত বহি আছে যি সোনকালেই ফুটিব পাৰে ।

অসমৰ চাহ বাগানসমূহত ক’ভিড-১৯ৰ ফলত সৃষ্টি হৈছে টাইম বোমা
অসমৰ চাহ বাগানসমূহ সম্ভৱতঃ বাৰুদৰ মোনাৰ ওপৰত বহি আছে

“আমি চাহ বাগানত এক ডাঙৰ টাইম বোমাৰ ওপৰত বহি আছো। মোৰ বাগানত কেৰালা,বেংগালুৰু আৰু ওড়িশাৰ পৰা অহা যুৱক আছে। তেওঁলোক উভতি অহাৰ পথত কোনো ধৰণৰ উপযুক্ত স্বাস্থ্য পৰীক্ষা কৰা হোৱা নাই বা আমাৰ ইয়াতো তেনেধৰণৰ সুবিধা নাই। চৰকাৰে স্বাস্থ্য কৰ্মীক বাগানলৈ প্ৰেৰণ কৰাৰ বাদে আন কোনো উপায় নাই।” চপৈ চাহ বাগিছাৰ পৰিচালক ঋষি মালহোত্ৰাই ইটিভি ভাৰতক এনেদৰে জনায়।

ইপিনে উদ্যোগটোৰ লগত জড়িত থকা নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষ বিষয়াই জনায়ঃ “আমি যদিও নিৰীক্ষণ কৰি আছো বহু সংখ্যক যুৱক আহিছে । তেওঁলোকৰ ওপৰত নজৰ ৰখাটো এক ডাঙৰ সমস্যা হৈ পৰিছে । এছ অ’ পিৰ নিৰ্দেশ অনুসৰি তেওঁলোকক দুসপ্তাহৰ বাবে নিৰীক্ষণত ৰাখিব লাগে। কিন্তু তাৰ বাবে আমাৰ সুবিধা নাই ।”

অসমৰ চাহ বাগিছাসমূহে পিৰায়ল বা নিৰ্ভৰশীল ব্যক্তিসকলক হিচাপত নধৰি নিয়মীয়া আৰু অস্থায়ী মুঠ ১০ লাখ শ্ৰমিকক নিয়োগ প্ৰদান কৰে । তেওঁলোকে একেলগে ঠেক কলনীত বাস কৰে ।

অসমৰ চাহ বাগানসমূহ কি পৰিস্থিতিত আছে ?

ক’ভিড-১৯ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অলপতে দায়িত্ব লাভ কৰা বিষয়াগৰাকীয়ে কয়,“কোনো ধৰণৰ পৰীক্ষাৰ সঁজুলি নোহোৱাকৈ,মাস্ক বা ব্লিচিং পাউডাৰ নোহোৱাকৈ,আমি যে চাহ বাগানত ভয়ংকৰ পৰিস্থিতিৰ দিশে অগ্ৰসৰ হৈছো। উভতি অহা এই যুৱকসকলে যে সামাজিক ব্যৱধান মানি চলিব তাক নিশ্চিত কৰাৰ কোনো উপায় নাই। তেওঁলোকে অতি বেছি ঘনত্বত বসবাস কৰে য’ত বহুত আদান-প্ৰদান ঘটে । ”ইটিভি ভাৰতে বাৰ্তালাপ কৰা চাহ বাগিছাৰ আন এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি ছ’চিয়েল মিডিয়াত বিয়পা উৰা বাতৰিৰ ফলত চাহ বাগানসমূহত আতংকময় পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । “চৰকাৰৰ সক্ৰিয় সহায় আৰু সুবিধা অবিহনে,চাহ বাগানৰ শ্ৰমিকসকলৰ নিৰক্ষতাই ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াত ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে।”

চাহ শ্ৰমিকৰ স্বাস্থ্য,পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় চাহ ব’ৰ্ডক কল্যাণকামী আঁচনি গ্ৰহণৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

ভাৰতে বিশ্বৰ চাহৰ ক্ষেত্ৰত ২৩ শতাংশ উৎপাদন কৰে । ইয়াৰে অসমে আধা অংশ উৎপাদন কৰে । চাহ ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত ভাৰতৰ ৰপ্তানিৰ হাৰ ১৪ শতাংশ । ইয়াৰ বিপৰীতে ভাৰতে বিশ্বৰ চাহৰ ১৯ শতাংশ ব্যৱহাৰ কৰে ।

সঞ্জীৱ কুমাৰ বৰুৱা

নতুন দিল্লী

লগতে চাওকঃ কৰ'ণাৰ বাবে ছিল অসম ত্ৰিপুৰা সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.