ETV Bharat / bharat

এসপ্তাহৰ বাবে সীমান্ত ছীল কৰিব ৰাজস্থান চৰকাৰে - seal border

কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বাবে ৰাজস্থান চৰকাৰে বহিঃৰাজ্যৰ সৈতে আহ-যাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে বহিঃৰাজ্যৰ সৈতে সংলগ্ন হৈ থকা পথসমূহত যাত্ৰীৰ অহা-যোৱাৰ নিৰীক্ষণৰ বাবে স্থাপন কৰা হৈছে আৰক্ষী চেকপইণ্ট।

 ৰাজস্থান
covid 19: rajasthan decides to seal borders for a week
author img

By

Published : Jun 10, 2020, 3:26 PM IST

নিউজ ডেস্ক, ১০ জুনঃ মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ ৰাজস্থানতো বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যখনৰ সকলো সীমান্ত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হ'ব ৰাজস্থান সীমান্ত। কেৱল বৈধ অনুজ্ঞাপত্ৰ থকা লোকেহে ৰাজ্যখনলৈ যাব অথবা আহিব পাৰিব।

covid 19: rajasthan decides to seal borders for a week
এসপ্তাহৰ বাবে সীমান্ত ছীল কৰিব ৰাজস্থান চৰকাৰে

কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বাবে চৰকাৰে বহিঃৰাজ্যৰ সৈতে আহ-যাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজস্থান আৰক্ষীৰ এজন বিষয়াই বুধবাৰে উল্লেখ কৰে এই কথা।

ইতিমধ্যে বহিঃৰাজ্যৰ সৈতে সংলগ্ন হৈ থকা পথসমূহত যাত্ৰীৰ অহা-যোৱাৰ নিৰীক্ষণৰ বাবে স্থাপন কৰা হৈছে আৰক্ষী চেকপইণ্ট। ৰাজ্যখনৰ বাহিৰত থকা লোকসকলেও বৈধ অনুমতি পত্ৰলৈহে ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব। অনুজ্ঞাপত্ৰৰ বাবে জিলা ন্যায়াধিশ আৰু আৰক্ষী মহাপৰিদৰ্শকৰ সৈতে যোগাযোগ কৰিব লাগিব। লগতে,যিকোনো জৰুৰীকালীন অৱস্থা,চিকিৎসা আদিৰ বাবেহে ৰাজ্যখনৰ বাহিৰলৈ যাব পাৰিব ।

তদুপৰি,বিমানবন্দৰ,ৰেল ষ্টেচন আৰু বাছষ্ট'প সমূহতো যাত্ৰীৰ নিৰীক্ষণৰ বাবে স্থাপন কৰা হৈছে আৰক্ষী চেকপইণ্ট।

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানলৈকে ১১,২৪৫ গৰাকী লোক কোভিড-১৯ পজিটিভ পোৱা গৈছে। লগতে,এই মহামাৰীৰ ফলত ২৫৫ গৰাকী ব্যক্তিৰ মৃত্য হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৮,৩২৮ গৰাকী ৰোগীয়ে।

লগতে চাওকঃ COVID-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.