ETV Bharat / bharat

সমগ্ৰ বিশ্বত কোভিড-19ৰ প্ৰভাৱ : বৰ্তমানলৈ মৃত্যু 35 হাজাৰ লোক

author img

By

Published : Mar 30, 2020, 11:16 PM IST

ইটালীত ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ দেশখনত এইপৰ্যন্ত 97,689 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 10,779 লৈ বৃদ্ধি হৈছে ৷ আনহাতে, স্পেইন, ফ্ৰাঞ্চ, ইলেণ্ড আৰু ইৰাণতো এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বহু লোক ৷ বৰ্তমানলৈকে স্পেইনত 7,340 গৰাকী, ইৰাণত 2,757 গৰাকী, ইলেণ্ডত 1,228 জন আৰু ফ্ৰাঞ্চত 2,606 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

বৰ্তমানলৈ মৃত্যু 35 হাজাৰ লোক
বৰ্তমানলৈ মৃত্যু 35 হাজাৰ লোক

সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 7 লাখ 37 হাজাৰ 577 গৰাকীলৈ বৃদ্ধি পাইছে৷ আনহাতে, বৰ্তমানলৈ এই মহামাৰীত মৃত্যুমুখত পৰিছে প্ৰায় 35 হাজাৰ লোক ৷

ইটালীত ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ দেশখনত এইপৰ্যন্ত 97,689 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা 10,779 লৈ বৃদ্ধি হৈছে ৷ আনহাতে, স্পেইন, ফ্ৰাঞ্চ, ইলেণ্ড আৰু ইৰাণতো এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বহু লোক ৷ বৰ্তমানলৈকে স্পেইনত 7,340 গৰাকী, ইৰাণত 2,757 গৰাকী, ইলেণ্ডত 1,228 জন আৰু ফ্ৰাঞ্চত 2,606 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷

ইফালে, সমগ্ৰ বিশ্বৰ ভিতৰত আমেৰিকাত অধিক লোক Covid 19ত আক্ৰান্ত হৈছে ৷ ৰাষ্ট্ৰখনত এইপৰ্যন্ত 1 লাখ 42,793 লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 2,490 গৰাকী ব্যক্তিৰ ৷ চুবুৰীয়া ৰাষ্ট্ৰ চীনত নতুনকৈ 4 জন লোক কৰ'ণা মহামাৰীত মৃত্যু হৈছে ৷ এইপৰ্যন্ত ৰাষ্ট্ৰখনত মুঠ 81,470 লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হয় 3,304গৰাকী লোকৰ ৷

বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো ক্ৰমাৎ বৃদ্ধি হৈছে Covid 19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ এইপৰ্যন্ত দেশত প্ৰায় 1071 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 29 জনকৈ ৰোগীৰ ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰ, কেৰালা আৰু কৰ্ণাটকত অধিক ভয়াৱহ ৰূপ লৈছে কৰ'ণা ভাইৰাছে ৷ মহাৰাষ্ট্ৰত 226জন, কেৰালাত 214 গৰাকী আৰু কৰ্ণাটকাত 88 গৰাকী লোক আক্ৰান্ত হৈছে Covid 19ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.