নিউজ ডেস্ক, ৭ মে': কেৰালাৰ মালাপ্পুৰামৰ দুই ভাতৃৰ প্ৰশংসনীয় পদক্ষেপ । চাইকেল ক্ৰয় কৰাৰ বাবে সাঁচি থোৱা ধন কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দান কৰিলে মুখ্য়মন্ত্ৰীৰ সাহায্য পূঁজিলৈ । এই দুই ভাতৃ হৈছে কেৰালাৰ শ্বাহান বিন চিহাব আৰু শ্বাহিদ ছামান ।
উল্লেখ্য় যে, এই দুই শিশুৰ পিতৃ শ্বিহাবুদ্দিন চালক হিচাপে কৰ্মৰত পশ্চিম এছিয়াৰ কাটাৰ দেশত । চাইকেল ক্ৰয় কৰাৰ বাবে দুয়োকে প্ৰথম মাহৰ বেতনৰ পৰা ধন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল পিতৃয়ে । সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়ে পিতৃয়ে প্ৰদান কৰিছিল ৮০০০ টকা ।
কিন্তু এই টকা খিনি লাভ কৰাৰ পাচতেই চাইকেল ক্ৰয় কৰাৰ সিদ্ধান্ত সলনি কৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ধন খিনি মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ দিয়াৰ থিৰাং কৰে শিশু দুটিয়ে । নিজৰ মন সলনি কৰি এই টকাখিনি সাহায্য পূঁজিলৈ দিয়াৰ কথা মাতৃক অৱগত কৰাত মাতৃও তেওঁলোকৰ এই সিদ্ধান্তক সন্মতি জনায় আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । তাৰ পাচতেই মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ দান কৰা স্বাৰ্থত স্থানীয় প্ৰশাসনৰ মন্ত্ৰী কে.টি.জালিলক এই ধনৰাশি প্ৰদান কৰে দুই শিশুৱে ।