ETV Bharat / bharat

ক’ৰোণা ভাইৰাছঃ য়ুহান অভিযানৰ এয়াৰ ইণ্ডিয়াৰ সাহসী দলটোলৈ সন্মান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Feb 17, 2020, 9:36 PM IST

চীনৰ য়ুহান প্ৰদেশৰ পৰা ভাৰতীয় লোকসকলক ভাৰতলৈ ঘূৰাই অনা এয়াৰ ইণ্ডিয়াৰ 68 জনীয়া সাহসী দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা প্ৰশংসা পত্ৰ কেন্দ্ৰীয় বিমানচালনা মন্ত্ৰী হৰদ্বীপ সিঙ পুৰিয়ে ৷ মুঠ 647 গৰাকী ভাৰতীয় লোক আৰু 7 গৰাকী মালদ্বীপৰ লোকক য়ুহান প্ৰদেশৰ পৰা উদ্ধাৰ কৰি নিজ দেশলৈ ঘূৰাই আনিছিল ৷

Coronavirus: Air India bravehearts honoured for Wuhan evacuation
ক’ৰোণা ভাইৰাছঃ য়ুহান অভিযানৰ এয়াৰ ইণ্ডিয়াৰ সাহসী দলটোলৈ সন্মান প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰীঃ চীনৰ ক’ৰোণা ভাইৰাছৰ সংহাৰৰ মাজতে চীনৰ য়ুহান প্ৰদেশৰ পৰা ভাৰতীয় লোকসকলক ভাৰতলৈ ঘূৰাই অনা এয়াৰ ইণ্ডিয়াৰ 68 জনীয়া সাহসী দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়োৱা প্ৰশংসা পত্ৰ কেন্দ্ৰীয় বিমানচালনা মন্ত্ৰী হৰদ্বীপ সিঙ পুৰিয়ে সোমবাৰে তেওঁলোকক প্ৰদান কৰে ৷

নতুন দিল্লীত অনুষ্ঠিত অনুষ্ঠানত এই প্ৰশংসা পত্ৰসমূহ দলটোৰ সকলোগৰাকী সদস্যকে প্ৰদান কৰে ৷ মন্ত্ৰী পুৰিয়ে এই অনুষ্ঠানত এই সাহসী দলটোক ভূয়সী প্ৰশংসা কৰে ৷ মন্ত্ৰী পুৰিয়ে ইটিভি ভাৰতৰ আগত প্ৰকশ কৰে যে ‘‘এই অভিযানত এয়াৰ ইণ্ডিয়াক লৈ কোনো অসুবিধাৰ সন্মূখীন হ’বলগীয়া হোৱা নাই’’ ৷ চৰকাৰে এয়াৰ ইণ্ডিয়া আগন্তুক দিনতো নিজৰ উৰণ বৰ্তি ৰখাটোৱে বিচাৰে বুলিও তেওঁ উল্লেখ কৰে ৷

উল্লেখ্য যে মুঠ 647 গৰাকী ভাৰতীয় লোক আৰু 7 গৰাকী মালদ্বীপৰ লোকক য়ুহান প্ৰদেশৰ পৰা উদ্ধাৰ কৰি নিজ দেশলৈ ঘূৰাই আনিছিল ৷ এই অভিযানৰ নেতৃত্ব বহন কৰিছিল কেপ্তেইন অভিতাভ সিঙে ৷

আৰু পঢ়কঃকৰ'ণাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত এজনৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.