নিউজ ডেস্ক, 16 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে ছত্তিছগড়ত দুগৰাকী এম্বুলেন্স চালকে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিৰ্দৰ্শন ৷ দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি এগৰাকীক সহায় কৰি বৰ্তমান এম্বুলেন্স চালক দুগৰাকী ৰাজ্যখনৰ বাবে চৰ্চাৰ কাৰণ হৈ পৰিছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি, হীৰা নিষাদ আৰু ধৰ্মেন্দ্ৰ সাহু নামৰ এম্বুলেন্স চালক দুগৰাকীয়ে ধমতৰী জিলাৰ গুজৰা কোচমৰা অঞ্চলত এটা দুৰ্ঘটনাত পতিত হোৱা নৰেন্দ্ৰ শৰ্মা নামৰ ব্যক্তি গৰাকীক চিকিৎসা সেৱা প্ৰদান কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
58 বছৰীয়া ব্যক্তি গৰাকীক এম্বুলেন্স চালক দুগৰাকীয়ে ৰাজপথত অচেতন অৱস্থাত পোৱা বুলি জানিবলৈ দিয়ে ৷ আনকি, ব্যক্তি গৰাকীৰ লগত 3 লাখ নগদ ধনৰ লগতে প্ৰয়োজনীয় কিছু সামগ্ৰী উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, চালক দুগৰাকীয়ে ক'ভিড-19 ত ব্যস্ত থকাৰ বাবে ৰাজপুৰলৈ গৈ আছিল ৷