ETV Bharat / bharat

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ চন্দ্ৰবাবু নাইডুৰ - etv bharat

30 মে'ত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব জগন মোহন ৰেড্ডীয়ে

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ চন্দ্ৰবাবু নাইডুৰ
author img

By

Published : May 24, 2019, 1:47 AM IST

আমৰাৱতী, 24 মে': অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰাবাবু নাইডুৰ পদত্যাগ ৷ বৃহস্পতিবাৰে ঘোষিত হোৱা লোকসভা নিৰ্বাচনত তেলেগু দেশম পাৰ্টীয়ে পৰাজয়বৰণ কৰাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বৃহস্পতিবাৰে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল ই এছ এল নৰচিমহাক পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে, টিডিপিৰ শাসনৰ দখলত থকা ৰাজ্যখনত YSRCP- ৰ দলক শীঘ্ৰে চৰকাৰ গঠন কৰাৰ বাবে আমন্ত্ৰণ জনাব ৰাজ্যপালগৰাকীয়ে ৷ সৰ্বমুঠ 175 খন আসন থকা ৰাজ্যখনত এই পৰ্যন্ত 149 খন আসনত অগ্ৰগতি লাভ কৰি YSRCP-ৰ দলৰ জয় নিশ্চিত হোৱা দেখা গৈছে ৷ লক্ষ্যণীয়ভাৱে, আগন্তুক 30 মে'ত YSRCP দলৰ প্ৰধান জগন মোহন ৰেড্ডীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব ৷

Intro:Body:

aaa

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.