ETV Bharat / bharat

মগজুৰ ৰোগৰ শেহতীয়া সংযোজন ব্ৰেইন ফগ আৰু ইয়াৰ প্ৰতিকাৰ

সাধাৰণ অৱস্থাৰ উপৰিও মানুহে ইয়াক গাঞ্জা লোৱাৰ সময়ত, ড্ৰাগছৰ লোৱা সময়ত, সুৰা সেৱন কৰাৰ সময়ত তথা কেতিয়াবা কাঠফুলা সেৱনো ইয়াৰ কাৰণ হিচাপে দেখা দিয়ে ৷ ইয়ে মানুহৰ মনত সাময়িক ভ্ৰম সৃষ্টি কৰে, কিছুমান মানুহৰ ক্ষেত্ৰত ই স্থায়ী মগজু বিকৃতিৰ কাৰণ আৰু পাৰপ্লেক্সিয়াৰো জন্ম দিয়ে ৷ মগজুৰ আঘাতো ইয়াৰ বাবে কেতিয়াবা দায়ী হ'ব পাৰে ৷

author img

By

Published : Jul 7, 2020, 8:10 PM IST

মগজুৰ ৰোগৰ শেহতীয়া সংযোজন ব্ৰেইন ফগ আৰু ইয়াৰ প্ৰতিকাৰ
মগজুৰ ৰোগৰ শেহতীয়া সংযোজন ব্ৰেইন ফগ আৰু ইয়াৰ প্ৰতিকাৰ

নিউজ ডেস্ক, 7 জুলাই : দৰাচলতে ব্ৰেইন ফগ এক স্বাস্থ্যগত সংজ্ঞা নহয় যদিও ই এক শেহতীয়া শব্দ যিয়ে সাধাৰণতে এক দোমোজা, অসংলগ্ন অথবা লক্ষ্য নিৰ্ধাৰণ কৰাত বাধা প্ৰদান কৰে তাক বুজোৱা হয় ৷ ইয়ে আপোনাৰ চিন্তা কৰিব পৰা ক্ষমতাকো প্ৰভাৱিত কৰে ৷ আমি এই সন্দৰ্ভত হায়দৰাবাদস্থিত মনোবিজ্ঞানী ডাঃ প্ৰভীন কুমাৰ চিন্তাপান্টিৰ সৈতে কথা পাতিছিলো ৷ তেওঁ এই সন্দৰ্ভত কয় যে, যিকোনো ব্যক্তিৰ সৈতে এনেকুৱা হ'ব পাৰে, কিন্তু আমি ইয়াক এৰাই চলো ৷ টোপনি ক্ষতি, মানসিক হেঁচা, একেসময়তে বহুখিনি কথাই দোলা দিয়া, সম্পৰ্কত সমস্যা, শেহতীয়া মহামাৰী আদিৰ বাবেই এগৰাকী ব্যক্তিক এইধৰনৰ অৱস্থাই ক্ৰিয়া কৰিব পাৰে ৷

এনে অৱস্থাত আপোনাৰ মনত বহুধৰণৰ ক্ৰিয়া ঘটি থাকে ৷ ডাঃ প্ৰভীনে কয় যে, ইয়ে আবেশ আৰু বিশৃংখলতাৰ সৃষ্টি কৰে ৷ এইক্ষেত্ৰত এগৰাকী ব্যক্তি স্থিৰ হৈ পৰে অথবা কোনো কথাত প্ৰতিক্ৰিয়া নকৰে নাইবা অন্যধৰণে প্ৰতিক্ৰিয়া কৰে ৷ মানুহ ব্যতিব্যস্ত হৈ পৰে অথবা সাধাৰণ অৱস্থাৰ বিপৰীতে অন্যধৰণে প্ৰতিক্ৰিয়া কৰে ৷

সাধাৰণ অৱস্থাৰ উপৰিও মানুহে ইয়াক গাঞ্জা লোৱাৰ সময়ত, ড্ৰাগছৰ লোৱা সময়ত, সুৰা সেৱন কৰাৰ সময়ত তথা কেতিয়াবা কাঠফুলা সেৱনো ইয়াৰ কাৰণ হিচাপে দেখা দিয়ে ৷ ইয়ে মানুহৰ মনত সাময়িক ভ্ৰম সৃষ্টি কৰে, কিছুমান মানুহৰ ক্ষেত্ৰত ই স্থায়ী মগজু বিকৃতিৰ কাৰণ আৰু পাৰপ্লেক্সিয়াৰো জন্ম দিয়ে ৷ মগজুৰ আঘাতো ইয়াৰ বাবে কেতিয়াবা দায়ী হ'ব পাৰে ৷

আমি ইয়াক মগজুত দেখা দিয়া কাৰণসমূহৰ ফালৰ পৰা তলত দিয়া ধৰণে ভাগ কৰিব পাৰোঃ

-গাঁথনিগত ক্ষতি (দুৰ্ঘটনা অথবা ষ্ট্ৰোকৰ ফলত)

-ৰাসায়নিক ক্ষতি (কিছুসংখ্যক পদাৰ্থৰ সেৱনৰ ফলত)

-আবেগিক ক্ষেত্ৰ (একধৰণৰ আবেগিক অৱস্থাৰ ফলত)

“ইয়াৰে কিছুসংখ্যক ভাল হৈ উঠে যদিও কিছুসংখ্যক ভাল নহ'বও পাৰে ৷” ডাঃ প্ৰভীনে কয় ৷

ইয়াৰ সৈতে কিদৰে যত্ন ল'বঃ

ডাঃ প্ৰভীনে ব্ৰেইন ফগৰ যত্ন লোৱাৰ কিছুসংখ্যক উপায়ৰ বিষয়ে উল্লেখ কৰে ৷

- মানুহে নিচাজাতীয় সামগ্ৰী বাদ দি নিচামুক্তিৰ বাবে চেষ্টা কৰক ৷

- গাঁথনিগত ক্ষতিৰ বাবে এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞৰ সহায় লওঁক ৷

- নিজৰ কামৰ তালিকাখন কম কৰক ৷ এটা সময়ত এটাই কাম কৰক ৷

- যদিহে কামটো ডাঙৰ হয়, ইয়াক খণ্ড খণ্ডকৈ সমাপন কৰক ৷

- চিন্তা বাদ দি টোপনি গৈ পৰৱৰ্তী দিনটোত স্পষ্ট চিন্তাৰে সুস্থ মনেৰে কাম সম্পন্ন কৰক ৷

- জানি-শুনি সিদ্ধান্ত গ্ৰহণ কৰক, যাতে পিচত দুখ নালাগে ৷

- যেতিয়া আপোনাৰ টোপনি ক্ষতি হয়, তেতিয়া যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, নিচাজাতীয় সামগ্ৰী গ্ৰহণ কৰি অথবা খালী পেটত কেতিয়াও কোনো সিদ্ধান্ত নল'ব ৷

- তেওঁৰ সৈতে কথা পাতক যাৰ চিন্তা আপোনাৰ সৈতে একে ৷

- যদিহে কিছুসপ্তাহ ধৰি এনেকুৱা হয়, তেতিয়াহ'লে এয়া নিশ্চয়কৈ এক মানসিক অসুবিধাৰ কাৰণ হ'ব পাৰে ৷ এইক্ষেত্ৰত যিকোনো এগৰাকী বিশেষজ্ঞৰ পৰামৰ্শ লওঁক ৷

সেয়েহে ডাঃ প্ৰভীনে কয় যে এয়া এক বিষয়গত দিশ ৷ যদিহে আপুনি আপোনাৰ আপোনজনে এনেকুৱা কৰা লক্ষ্য কৰিছে তেতিয়াহ'লে তেওঁলোকৰ সৈতে বহি কথা পাতক, তেওঁলোকৰ কথা শুনক ৷ তেওঁৰ ব্যৱহাৰক দোষ দিয়াৰ বিপৰীতে তেওঁক কিদৰে সহায় কৰিব পাৰে, সেই বিষয়ে প্ৰকাশ কৰক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.