ছত্তিশগড়, 9 এপ্ৰিলঃ ছত্তিশগড়ৰ ডান্তেৱাৰাত এক শক্তিশালী আই ই ডি বিস্ফোৰণত পতিত হয় বিজেপি বিধায়ক ভীমা মাণ্ডাবীৰ কণভয় ৷ এই বিস্ফোৰণত 5 গৰাকী সুৰক্ষা কৰ্মীসহ নিহত হয় বিধায়কগৰাকী ৷
কোৱাকোণ্ডাৰ পৰা বাচেলী অভিমুখে গৈ থকা পথত শ্যামগিৰি পাহাৰত সংঘটিত হয় এি বিস্ফোৰণ ৷ আই ই ডি বিস্ফোৰিত কৰাৰ পিচত মাওবাদীৰ দলটোৱে কণভয়টোলৈ লক্ষ্য় কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ কৰে, ফলত থিতাতে নিহত হয় বিধায়কজন আৰু তেওঁ সুৰক্ষা কৰ্মীসকল ৷