ETV Bharat / bharat

কন্যাকুমাৰীত মৰিয়াই মৰিয়াই হত্যা মগনীয়াক

author img

By

Published : Dec 2, 2020, 2:32 PM IST

তামিলনাডুৰ কন্যাকুমাৰীত এজন মগনীয়াক মৰিয়াই মৰিয়াই হত্যা আন এজন লোকৰ ৷ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ অভিযুক্তজনক আটক কৰে ৷

Beggar beaten to death over verbal spat in Kanyakumari
কন্যাকুমাৰীত মৰিয়াই মৰিয়াই হত্যা মগনীয়াক

নেশ্যনেল ডেস্ক, 2 ডিচেম্বৰঃ তামিলনাডুৰ কন্যাকুমাৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ৷ এজন মগনীয়াক মৰিয়াই মৰিয়াই হত্যা আন এজন লোকৰ ৷ ঘটনা অনুসৰি, মঙলবাৰে কন্যাকুমাৰীৰ বেদাছেৰী চহৰৰ বাছ আস্থানৰ সমীপত মগনীয়াজন আৰু অভিযুক্তৰ মাজত বাক্-বিতণ্ডাৰ সৃষ্টি হৈছিল ৷ এই বাক-বিতণ্ডাই চূড়ান্ত ৰূপ লোৱাত দুয়োৰে মাজতে মাৰপিট লাগে ৷ ইয়াৰ পিছতেই অভিযুক্তই মগনীয়াজনক এডাল বাঁহৰ লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ ফলত ঘটনাস্থলীতে মৃত্যুমুখত পৰে মগনীয়াজন ৷

ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ অভিযুক্তজনক আটক কৰে ৷ আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত হত্যাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই ৷ আনহাতে, ঘটনাস্থলীত ফৰেনচিক বিভাগৰ লোক উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক-ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰিব সুশীল মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.