ETV Bharat / bharat

অযোধ্যা ৰায়দান: চুন্নি ৱাকফ বৰ্ডক 5 একৰ ভূমি প্ৰদান

author img

By

Published : Nov 9, 2019, 1:34 PM IST

উচ্চতম ন্যায়ালয়ত বহু প্ৰতীক্ষিত অযোধ্যা গোচৰৰ ৰায়দান ৷ বিবাদমান ভূমিত হ'ব ৰাম মন্দিৰৰ নিৰ্মাণ ৷ মছজিদৰ বাবে চুন্নি ৱাকফ বৰ্ডক বিকল্প স্থানত 5 একৰ ভূমি দিয়া হ'ব ৷

অযোধ্যা ৰায়দান: চুন্নি ৱাকফ বৰ্ডক 5 একৰ ভূমি প্ৰদান

নতুন দিল্লী, 9 নৱেম্বৰ: শনিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত 5 জনীয়া বিচাৰপীঠে ৰায়দান কৰিলে বিবদমান অযোধ্যা গোচৰৰ ৷ আস্থা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি ৰায়দান কৰা নহয় বুলি দোহাৰি উচ্চতম ন্যায়ালয়ে বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আদেশ দিয়ে ৷ লগতে ৰায়দান যোগে উচ্চতম ন্যায়ালয়ে কয় যে বৃটিছৰ আগমণৰ পূৰ্বৰে পৰা হিন্দুসকলে সেই স্থানত পূজা পাত সম্পন্ন কৰি আহিছে লগতে ভাৰতীয় প্ৰত্নত্বাত্তিক বিভাগৰ প্ৰতিবেদনত এই কথাৰ প্ৰমাণ পোৱা গৈছে ৷
ইফালে ৰায়দানত উচ্চতম ন্যায়ালয়ে চুন্নি ৱাকফ বৰ্ডৰ পুনৰীক্ষণৰ আবেদন খাৰিজ কৰি উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে ৱাকফ বৰ্ডক বিকল্প স্থানত মছজিদ নিৰ্মাণৰ বাবে 5 একৰ ভূমি প্ৰদান কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে ৷ লগতে মন্দিৰ নিৰ্মাণৰ বাবে অতি শীঘ্ৰে এটা ন্যাস প্ৰস্তুত কৰিবলৈও কেন্দ্ৰ চৰকাৰক কোৱাৰ লগতে এটা প্ৰকল্প যুগুত কৰিবলৈও নিৰ্দেশ দিয়ে ৷
ৰায়দান প্ৰদান কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়,"কেন্দ্ৰীয় চৰকাৰে তিনি অথবা চাৰি মাহৰ ভিতৰত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এটা ন্যাস প্ৰস্তুত কৰিব লাগিব,যি ন্যাসে মন্দিৰ নিৰ্মাণৰ বাবে প্ৰথম পৰ্যায়ৰ যাৱতীয় কাম-কাজ সমূহ সমাপন কৰিব" ৷ লগতে চুন্নী ৱাকফ বৰ্ডৰ বাবে উপযুক্ত বিকল্প অঞ্চলত 5 একৰ ভূমি প্ৰদান কৰা হ'ব বুলিও উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে ৷
5 জনীয়া বিচাৰপীঠ খনে 2011 চনৰ এলাহাবাদ (প্ৰয়াগৰাজ) উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিপক্ষে এই ৰায়দান কৰে যি অযোধ্যাৰ বিবদমান ভূমিক ৰামলালা বিৰাজমান,চুন্নী কেন্দ্ৰীয় ৱাকফ বৰ্ড,আৰু নিৰ্মোহী আখৰাৰ মাজত তিনিভাগত বিভক্ত কৰি ভগাই দিছিল ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত মুছলমান পক্ষ অসন্তুষ্ট যদিও সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত দীৰ্ঘদিনীয়া এই বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে ৷

আৰু পঢ়ক: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বৰাকৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে

ayodhya verdict 5 acres suitable land to Sunni waqaf board 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.