নেশ্যনেল ডেস্ক,15 ছেপ্তেম্বৰ : জম্মু-কাশ্মীৰৰ ৰাজৌৰিৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা ৷ ইয়াৰ ফলত আহত এজন সেনা বিষয়াসহ তিনি সেনা জোৱান ৷ ভাৰতীয় পক্ষইও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে বুলি তথ্য লাভ কৰা হৈছে ৷
পাকিস্তান পক্ষই সৰু অস্ত্ৰ আৰু মৰ্টাৰ শ্বেলৰ জৰিয়তে যুদ্ধবিৰতি উলংঘা কৰে ৷ এজন মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি,ঘটনাৰ ফলত তিনিগৰাকী সেনা আঘাতপ্ৰাপ্ত হৈছে ৷ ভাৰতীয় পক্ষৰ প্ৰত্যুত্তৰত পাকিস্তানী সেনাও আঘাতপ্ৰাপ্ত হৈছে যদিও বৰ্তমানলৈকে এই সম্পৰ্কত সঠিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক : ভাৰত-চীন সীমান্তত উদ্বিগ্নতা সম্পৰ্কত কেন্দ্ৰক সমালোচনা কংগ্ৰেছৰ