নেশ্যনেল ডেস্ক, ৩ জুন: ভাৰত-চীনৰ সীমাৰেখা LACত দুয়োখন দেশৰ মাজত চলা উত্তেজনাক লৈ এইবাৰ দুয়োখন দেশৰ লেফ্টেনেণ্ট জেনেৰেলসকলে আলোচনাত মিলিত হোৱাৰ কথা পোহৰলৈ আহিছে । এগৰাকী জ্যেষ্ঠ সেনা বিষয়াই ই টিভি ভাৰতক জনোৱা অনুসৰি, বিশ্বৰ দুই বৃহত্তম সেনাবাহিনীৰ প্ৰতিনিধি মণ্ডলৰ লেফ্টেনেণ্ট জেনেৰেলসকলে চুচুলত একেলগে আলোচনাত মিলিত হ'ব ।
এই আলোচনা পূৱ লাডাখত ভাৰত-চীনৰ মাজত চলি থকা সংঘাত নিৰ্মূলৰ বাবে সম্পন্ন কৰা হ'ব । উল্লেখ্য যে, ২০১৩ চনৰ অক্টোবৰ মাহত দুয়োখন ৰাষ্ট্ৰৰ মাজত সীমা ৰক্ষাক লৈ হোৱা চুক্তিত লেফ্টেটেণ্ট জেনেৰেলসকলে মত বিনিময় কৰিছিল । ইয়াৰ পিছতে চলিত বৰ্ষৰ ৮-৯ জানুৱাৰীত উত্তৰসূৰী কামাণ্ডৰ মুখ্য লেফ্টেনেণ্ট জেনেৰেল ৰণবীৰ সিঙে পি.এল.এ. জেনেৰেল হান ৱেংগুৱো আৰু বেইজিঙত পশ্চিমসূৰী থিয়েটাৰ কামাণ্ডৰ কামাণ্ডো জেনেৰেল ঝাও জোংগকীৰ সৈতে মত বিনিময় কৰে ।
লগতে পঢ়ক: আগন্তক নিৰ্বাচনৰ বাবে সাজু বিৰোধী দল কংগ্ৰেছ