ETV Bharat / bharat

গ্ৰেপ্তাৰ হ'ল ইনষ্টাগ্ৰামৰ গ্ৰুপৰ এডমিন ! - ১৮ বছৰীয়া এডমিন

ইনষ্টাগ্ৰামৰ গ্ৰুপ 'Bois Locker Room' ৰ এডমিনক গ্ৰেপ্তাৰ দিল্লী পুলিছৰ চাইবাৰ চেলৰ । গ্ৰেপ্তাৰ হোৱা অভিযুক্তগৰাকী এই বৰ্ষৰ উচ্চতৰ মাধ্য়মিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ।

Admin of Instagram group 'Bois Locker Room' arrested

author img

By

Published : May 7, 2020, 4:01 PM IST

নতুন দিল্লী, ৭ মে': বুধবাৰে দিল্লী পুলিছৰ চাইবাৰ চেলে গ্ৰেপ্তাৰ কৰে ইনষ্টাগ্ৰামৰ গ্ৰুপৰ 'Bois Locker Room' ৰ এডমিনক । ছ'চিয়েল মিডিয়াত আপত্তিজনক মেছেজ, যুৱতীৰ বিকৃত ফটো, স্ক্ৰীণশ্বট দিয়াৰ অপৰাধতেই গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক । বহু কেইটা আপত্তিজনক স্ক্ৰীণশ্বট ইত্যাদি প'ষ্ট কৰা হৈছিল গ্ৰুপ পেজটোত । ইয়াৰ পাচতেই পেজৰটোৰ ওপৰত সোমবাৰে গোচৰ ৰুজু কৰা হৈছিল ।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে, 'Bois Locker Room' গ্ৰুপৰ ১৮ বছৰীয়া এডমিন জনে এই বৰ্ষত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্য়মিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । দিল্লী-এনচিআৰ স্কুলৰ ছাত্ৰ গ্ৰেপ্তাৰ হোৱা এডমিনগৰাকী । চাৰি জন 18 বছৰ উদ্ধৰ গ্ৰুপৰ সদস্য ঘটনাৰ লগত জড়িত বুলি তদন্ত অন্তত বুধবাৰে জানিবলৈ দিয়ে আৰক্ষীয়ে ।

এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত আৰম্ভ কৰা হৈছিল এই গ্ৰুপটো । বৰ্তমানে গ্ৰেপ্তাৰ হোৱা এডমিন যুৱক জনৰ নাম আৰক্ষীয়ে প্ৰকাশ কৰা নাই । তদন্তত পোহৰলৈ আহিছে গ্ৰুপটোত প্ৰায় ২৭ জন সদস্য জড়িত হৈ থকাৰ কথা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.