নেশ্যনেল ডেস্ক, 17 জুন : লাডাখৰ গলৱান উপত্যকাত চীন-ভাৰতৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে ভাৰতৰ 20 জন সেনা জোৱানে ৷ ইয়াৰে অন্যতম আছিল পশ্চিমবংগৰ বিৰভুমৰ 25 বৰ্ষীয় ৰাজেশ ওৰাং নামৰ জোৱানজন ৷ ভাৰতীয় সেনাৰ বিহাৰ ৰেজিমেন্টৰ সদস্য আছিল শ্বহীদ ৰাজেশ ওৰাং ৷
ৰাজেশ ওৰাঙৰ পিতৃ সুভাষ ওৰাং হৈছে এজন জনজাতীয় কৃষক ৷ মোহম্মদ বজাৰৰ বিৰভূমৰ বেলগাৰিয়া গাঁৱৰ বাসিন্দা সুভাষ ওৰাং ৷ 2015 চনত ভাৰতীয় সৈন্য বাহিনীত যোগদান কৰিছিল ৰাজেশ ওৰাঙে ৷ এই বছৰৰ জানুৱাৰী মাহত অন্তিমবাৰৰ বাবে ৰাজেশ গাঁৱত উপস্থিত হৈছিল ৷ কিছুদিনৰ পাচতে তেওঁ পুনৰ গাঁৱলৈ অহাৰ কথা আছিল ৷

নিজৰ কনিষ্ঠ ভাতৃক হেৰুৱাই ৰাজেশৰ জ্যেষ্ঠ ভগ্নীয়ে কয়, "আমি ইয়াৰ প্ৰতিশোধ লোৱা উচিত ৷ মই প্ৰধানমন্ত্ৰীক অনুৰোধ জনাম ৷"

লগতে পঢ়ক : হিমাচল প্ৰদেশৰ লাহৌল-স্পিটী, কিন্নাউৰ সীমান্তৰ জিলাসমূহত হাইএলাৰ্ট