ETV Bharat / bharat

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তিনি বাংলাদেশী - বাংলাদেশী আটক শেহতীয়া খবৰ

উত্তৰ-প্ৰদেশৰ পৰা স্থানীয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিনিগৰাকী অবৈধ বাংলাদেশী নাগৰিক ৷ কানপুৰ ৰে'লৱে ষ্টেচনত আজমীৰ-শিয়ালদাহ এক্সপ্ৰেছৰ পৰা এগৰাকী মহিলাসহ তিনিওগৰাকী লোকক গ্ৰেপ্তাৰ কৰে স্থানীয় আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তিনি বাংলাদেশী
author img

By

Published : Aug 28, 2019, 6:03 PM IST

নিউজ ডেস্ক, 28 আগষ্টঃ উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিনিগৰাকী অবৈধ বাংলাদেশী নাগৰিক ৷ কানপুৰ চেন্ট্ৰেল ৰে'লৱে ষ্টেচনত আজমীৰ-শিয়ালদহ এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ পৰা আৰক্ষীয়ে তিনিওগৰাকী লোকক গ্ৰেপ্তাৰ কৰে ৷

ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা তিনিওগৰাকী নাগৰিকৰে কোনো বৈধ প্ৰমাণ-পত্ৰ নাছিল ৷ আনহাতে লগত থকা মহিলাগৰাকী বিক্ৰী কৰিবৰ বাবেই এইদৰে অবৈধৰূপে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীকেইজনে ৷ বাংলাদেশীকেইজনৰ পৰা পাঁচটাকৈ ম'বাইল ফোন জব্দ কৰিছে ৰে'ল আৰক্ষীয়ে ৷ ইতিমধ্যে ৰেল আৰক্ষীৰ জিম্মাত থকা লোককেইজনক সন্ত্ৰাসবাদ বিৰোধী গোট, সেনাৰ চোৰাংচোৱা আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই জেৰা কৰি আহিছে ৷

উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তিনি বাংলাদেশী

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক অৱনতি ঘটাৰ পিচতেই দেশৰ বিভিন্ন স্থানত ৰেড এলাৰ্ট ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহ বিভাগে ৷ এনে অৱস্থাত বিহাৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল এগৰাকী জামাতুল মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদী ৷ আনহাতে শ্ৰীলংকাৰ পৰা সাগৰীয় পথেৰে ছটাকৈ সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পিচতে কেৰালা আৰু তামিলনাডুৰ পৰা গ্ৰেপ্তাৰ হৈছিল তিনিগৰাকীকৈ লোক ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা লোকতিনিজনকো সন্ত্ৰাসবাদীৰ সন্দেহত জেৰা চলাই আছে তদন্তকাৰী দলে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.