ETV Bharat / bharat

SI Sanjib Kumar Died : বাটলা হাউচ এনকাউণ্টাৰৰ চৰ্চিত আৰক্ষী জোৱান সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যু

author img

By

Published : Jan 1, 2022, 1:41 PM IST

দিল্লী আৰক্ষীৰ সাহসী জোৱান তথা বাটলা হাউচ এনকাউণ্টাৰত জড়িত থকা উপ-পৰিদৰ্শক সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যু (Delhi police SI Sanjib Kumar Lochan dies) । দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল আৰক্ষী জোৱানগৰাকী । ৩০ ডিচেম্বৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আৰক্ষী জোৱানগৰাকীৰ ।

SI Sanjib Kumar died
বাটলা হাউচ এনকাউণ্টাৰ

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : দিল্লী আৰক্ষীৰ বাবে এক শোকৰ খবৰ । এগৰাকী নিষ্ঠাৱান আৰু সাহসী আৰক্ষীৰ অকালতে মৃত্যু হয় । দুৰ্ঘটনা পতিত হৈ মৃত্যুক সাৱটি লয় সঞ্জীৱ কুমাৰ লোচন নামৰ দিল্লী আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকে (Delhi police SI Sanjib Kumar Lochan dies)।

উল্লেখ্য যে, বাটলা হাউচ এনকাউণ্টাৰৰ সময়ত নিজৰ সাহসিকতাৰ পৰিচয় দি সমগ্ৰ দেশতে চৰ্চিত হৈছিল সঞ্জীৱ কুমাৰ লোচন । ২৮ ডিচেম্বৰৰ নিশা বাবা হৰিদাস নগৰ আৰক্ষী থানাৰ সন্মুখত বাইকৰ খুন্দাত সঞ্জীৱ কুমাৰ লোচন গুৰুতৰভাৱে আহত হয় । তেওঁক ওচৰৰ ভেঙ্কটেশ্বৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসা চলি থকাৰ মাজতে ৩০ ডিচেম্বৰত মৃত্যু হয় সঞ্জীৱ কুমাৰ লোচনৰ ।

২০০৮ চনৰ ১৯ ছেপ্টেম্বৰত বাটলা হাউচ এনকাউণ্টাৰ সংঘটিত হৈছিল । য'ত দিল্লী আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হৈছিল । আনহাতে বিশেষ কোষৰ পৰিদৰ্শক মোহন চান্দ শৰ্মা ইয়াত শ্বহীদ হৈছিল ।

বাটলা হাউচ এনকাউণ্টাৰৰ সময়ত নিজৰ সাহসিকতাৰ পৰিচয় দিয়া সঞ্জীৱ কুমাৰ লোচনে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আৰু বীৰত্ব পদক লাভ কৰিবলৈ সক্ষম হৈছিল । হেড কনিষ্টবলৰ পৰা সহকাৰী উপ-পৰিদৰ্শক আৰু তাৰ পিছত উপ-পৰিদৰ্শক হিচাপে পদোন্নতি দিয়া হৈছিল সঞ্জীৱ কুমাৰক । তেওঁক বৰ্তমান বাবা হৰিদাস নগৰ আৰক্ষী থানাত নিযুক্তি দিয়া হৈছিল ।

জানিব পৰা মতে নিজৰ বাহনখন পাৰ্ক কৰি ৰাস্তা পাৰ হৈ অহাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হৈছিল । দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ তিনিজন আৰোহী যুৱকো আহত হয় । আৰক্ষী কৰ্মীয়ে আটাইকেইজন আহতক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰাইছিল । ইফালে আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তেওঁলোকৰ ভিতৰৰ এজন যুৱককো গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে সঞ্জীৱ কুমাৰ লোচন জনকপুৰীৰ ওচৰৰ পোশাংগীপুৰ গাঁৱৰ বাসিন্দা আছিল । তেওঁৰ পৰিয়ালত পত্নী আৰু দুই পুত্ৰ আছে । সঞ্জীৱ কুমাৰ লোচনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে এতিয়া তেওঁৰ বাসগৃহ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : Heavy rain in Chennai : বৰষুণত ক্ষতিগ্ৰস্ত চেন্নাইত বিদ্যুৎস্পৃষ্ট হৈ ৩ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.