ETV Bharat / bharat

Puri Jagannath Temple : পুৰীৰ জগন্নাথ মন্দিৰৰ আভ্যন্তৰৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ বাংলাদেশী যুৱক

author img

By

Published : Nov 29, 2022, 2:21 PM IST

বাংলাদেশৰ চিলেট জিলাৰ জিন্দাবজাৰৰ আকাশ চৌধুৰী (২৩) নামৰ যুৱকজনক সিংহদ্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জগন্নাথ মন্দিৰৰ (Puri Jagannath Temple) ভিতৰত ফটো তুলি ফেচবুক একাউণ্টত শ্বেয়াৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় যুৱকজন ।

Puri Jagannath Temple
Puri Jagannath Temple

নিউজ ডেস্ক, 29 নৱেম্বৰ: ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আভ্যন্তৰৰ এটা ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল বাংলাদেশী যুৱক (Bangladeshi Youth Arrested) ৷ ফটো-ভিডিঅ’ ভাইৰেল হোৱাৰ প্ৰায় এসপ্তাহৰ পাছতে এই কাণ্ডৰ বাবে বাংলাদেশী যুৱকজনক গ্ৰেপ্তাৰ কৰা হয় ৷ দ্বাদশ শতিকাৰ এই মন্দিৰটোৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে এই ফটো-ভিডিঅ’ ভাইৰেলৰ পাচত (pictures of sanctum sanctorum of Jagannath Temple) ।

তথ্য অনুসৰি, বাংলাদেশৰ চিলেট জিলাৰ জিন্দাবজাৰৰ আকাশ চৌধুৰী (২৩) নামৰ যুৱকজনক সিংহদ্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । অভিযুক্তৰ পৰা এটা মোবাইল ফোন আৰু বাংলাদেশী পাছপ’ৰ্ট জব্দ কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে যুৱকজনক জেৰা কৰি থকা হৈছে । জগন্নাথ মন্দিৰৰ ভিতৰত ফটো তুলি ফেচবুক একাউণ্টত শ্বেয়াৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় যুৱকজন ।

উল্লেখযোগ্য যে, মন্দিৰ চৌহদৰ ভিতৰত মোবাইল ফোন আৰু কেমেৰা নিষিদ্ধ । কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা শ্ৰী জগন্নাথ মন্দিৰত দ্বাদশ শতিকাৰ মন্দিৰৰ আভ্যন্তৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নিৰাপত্তাৰ দিশটোক লৈ প্ৰশ্ন উঠিছে (Puri Jagannath Temple)। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ছবিখনত প্ৰভূ জগন্নাথক দেখা গৈছিল বুলি অভিযোগ উঠিছে । পশ্চিম বংগৰ আকাশ চৌধুৰী নামৰ এজন যুৱকৰ ফেচবুক একাউণ্টৰ পৰা এই ফটোখন উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক: Journalist died in road accident: অচিনাক্ত বাহনৰ খুন্দাত নিহত তিনিগৰাকী সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.