ETV Bharat / bharat

Umesh pal murder case: উমেশ পালৰ হত্যাকাৰী গেংষ্টাৰ আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ড - 2006 Umesh Pal kidnap case

সোমবাৰে প্ৰয়াগৰাজৰ এখন আদালতে প্ৰদান কৰিলে উমেশ পাল হত্যাকৰাণ্ডৰ চূড়ান্ত ৰায়দান ৷ উমেশ পালৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আতিক আহমেদ আৰু দুই সহযোগীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ (Umesh pal kidnapping case hearing) ৷ 24 ফেব্ৰুৱাৰীত হত্যা কৰা হৈছে উমেশ পালক ৷

Umesh pal murder case
উমেশ পালৰ হত্যাকাৰী গেংষ্টাৰ আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ড
author img

By

Published : Mar 28, 2023, 4:11 PM IST

নেশ্যনেল ডেস্ক, 28 মাৰ্চ: গেংষ্টাৰ আতিক আহমেদক যাৱজ্জীৱন কাৰাদণ্ড (Atiq Ahmed) ৷ 2023 চনৰ অধিবক্তা উমেশ পাল হত্যাকাণ্ডৰ (Umesh Pal murder case) মূল অভিযুক্ত আৰু 2006 চনত উমেশ পালক অপহৰণ কৰা গোচৰৰ মূল অভিযুক্ত আছিল আতিক আহমেদ ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এখন আদালতে মঙলবাৰে প্ৰদান কৰিলে এই ৰায়দান ৷ আতিক আহমেদসহ আন দুই অভিযুক্ত দীনেশ পাশি আৰু ছাউলাত হানিফক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ ৷ আনহাতে, আতিক আহমেদৰ পৰিয়ালে দিব লাগিব 1 লাখ টকাৰ ক্ষতিপূৰণ (Umesh pal kidnapping case hearing) ৷

উল্লেখ্য যে, হত্যাৰ বলি হোৱা উমেশ পাল আছিল 2005 চনৰ বহুজন সমাজবাদী দলৰ মুৰব্বী ৰাজু পালৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী ৷ চলিত বৰ্ষৰ 24 ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত গুলীয়াই হত্যা কৰিছিল উমেশ পালক (Gangster Atiq Ahmed) ৷ আতিক আহমেদ আৰু সহযোগী দীনেশ পাশিক ভাৰতীয় দণ্ড বিধিৰ 364 ধাৰৰ অধীনত এজন ব্যক্তিক অপহৰণ কৰা হত্যাকৰাৰ অভিযোগত দোষী সাব্যস্ত কৰে আদালতে ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মঙলবাৰে আতিক আহমেদ আৰু এই গোচৰৰ অভিযুক্তসকলক হাজিৰ কৰোৱা হয় আদালতত ৷ উমেশ পালৰ অপহৰণকাণ্ডৰ সৈতে মুঠ 11 জন লোকক অভিযুক্ত কৰা হৈছিল ৷ এই 11 অভিযুক্তৰ ভিতৰত ইতিমধ্যেই আনচাৰ নামৰ অভিযুক্তজনৰ মৃত্যু হৈছে ৷

মঙলবাৰে আদালতে প্ৰদান কৰা এই ৰায়ৰ পাচতেই প্ৰয়াগৰাজত বৃদ্ধি পাইছে উত্তেজনা ৷ ভুক্তভোগী উমেশ পালৰ পৰিয়ালক নিৰাপত্তা প্ৰদানৰ বাবে বাসগৃহৰ বাহিৰত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৷ উমেশ পালৰ পত্নী আৰু তেওঁৰ মাতৃয়ে হত্যাকাৰী আতিক আহমেদক মৃত্যুদণ্ডৰ ৰায় প্ৰদানৰ বাবে দাবী উত্থাপন কৰি আহিছিল (Atiq Ahmed imprisonment) ৷

উল্লেখ্য যে, গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদৰ বিৰুদ্ধে হত্যাকে ধৰি প্ৰায় 100 টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে ৷ 2005 চনত সমাজবাদী দলৰ মুৰব্বী ৰাজু পালক হত্যা কৰিছিল আতিক আহমেদে ৷ কিন্তু সেই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী উমেশ পালক 2006 চনত অপৰহণ কৰি আদালতত সাক্ষ্য প্ৰদান নকৰিবলৈ ভাবুকি প্ৰদান কৰিছিল আতিক আহমেদে ৷ কিন্তু ৰাজু পালৰ হত্যাৰ গোচৰৰ সাক্ষ্য প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছিল উমেশ পাল ৷ যাৰ বাবে উমেশ পালক 24 ফেব্ৰুৱাৰীত গুলীয়াই হত্যা কৰা হয় (Umesh Pal Case update) ৷

লগতে পঢ়ক: Arunachal Khonsa jailbreak: নিৰাপত্তাৰক্ষীক হত্যা কৰি অৰুণাচল প্ৰদেশৰ কাৰাগাৰৰ পৰা পলায়ন দুধৰ্ষ উগ্ৰপন্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.