ETV Bharat / bharat

Balodabazar Accident : ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ 6 গৰাকীৰ মৃত্যু, কেইবাজনো আহত - road accident at Balodabazar

চত্তীশগড়ৰ বালোডা বজাৰত শোকাৱহ ঘটনা ৷ পথ দুৰ্ঘটনাত শিশুসহ 6 গৰাকীৰ মৃত্যু ৷ মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ (6 killed in pickup truck collision) ৷

Balodabazar Accident
ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : May 15, 2023, 11:48 AM IST

নেশ্যনেল ডেস্ক, 15 মে’ : চত্তীশগড়ৰ বালোডা বজাৰত সংঘটিত হৈছে মৰ্মান্তিক পথ দুৰ্ঘটনা ৷ এটি শিশুকে ধৰি 6 গৰাকী মহিলাৰ মৃত্যু হৈছে দুৰ্ঘটনাটোৰ দ্বাৰা ৷ এখন বেগী ট্ৰাকে পিকআপ ভেনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দেওবাৰৰ নিশা 10.30 বজাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো (6 killed in pickup truck collision)।

বালোডা বাজাৰ জিলাৰ পালাৰীৰ পৰা 6 কিলোমিটাৰ দূৰত্বত অৱস্থিত গোণ্ডা পুলিয়াৰ গাঁৱৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো ৷ পথ দুৰ্ঘটনাটোত নিৰীহ শিশু সহিতে 6 গৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে হিলা, পুৰুষ আৰু শিশুসহ এক ডজনৰো অধিক লোক আহত হৈছে বুলি জানিবলৈ পৰা গৈছে । অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনক ৰায়পুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে (truck and pickup collision in Balodabazar ) ৷

বৰ্তমানলৈকে 6 গৰাকী লোকৰ মৃত্যু হৈছে যদিও অধিক মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । পালাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু বালোদা বাজাৰ জিলা চিকিৎসালয়ত চিকিৎসা অব্যাহত ৰখা হৈছে ৷

উল্লেখ্য যে, কাংকি গাঁৱত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি পিক আপ ভেনখনত আহিছিল 30 জনৰো অধিক লোক ৷ তেনে সময়তে ঘোডা পুলিয়া নামৰ এডোখৰ স্থানৰ সমীপত এখন দ্ৰুতবেগী ট্ৰাক আৰু পিক আপ ভেনৰ সংঘৰ্ষ হয় (Tragic accident in Balodabazar) ৷

উক্ত সংঘৰ্ষৰ ফলত 15 জনতকৈ অধিক লোক আহত হৈ চিকিৎসাধীন অৱস্থাত আছে আৰু ইয়াৰে গুৰুতৰভাৱে আহতসকলক চিকিৎসাৰ বাবে জিলা চিকিৎসালয় বালোডালৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ তদন্তৰ বাবে জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ উল্লেখ্য যে, ঘটনাস্থলীতে ট্ৰাকখন এৰি থৈ বৰ্তমান পৰ্যন্ত পলাতক অৱস্থাত আছে ট্ৰাকখনৰ চালকজন ।

জিলাখনৰ আৰক্ষী উপ-অধীক্ষক অভিষেক সিঙে ঘটনা সন্দৰ্ভত কয়, আমাৰ প্ৰথম অগ্ৰাধিকাৰ হৈছে আহতসকলৰ উপযুক্ত চিকিৎসা আৰু সুৰক্ষা, পলায়ন কৰা ট্ৰাক চালকজনক শীঘ্ৰে কৰায়ত্ত কৰা হ’ব বুলিও জানিবলৈ দিয়ে আৰক্ষী উপ-অধীক্ষকগৰাকীয়ে ।

দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে জিলা প্রশাসনৰ বিষয়াসকলক মৃতকৰ আত্মীয়ক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ নির্দেশ প্ৰদান কৰে (CM Baghel Condoled to accident victims) ৷

লগতে পঢ়ক : Yaba Tablets seized : প্ৰায় 4 কোটি টকাৰ নিচাজাতীয় টেবলেটসহ আৰক্ষীৰ জালত দুটা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.