ETV Bharat / bharat

কপিল ছিবালে অসমৰ ইতিহাসৰ ভুল কিতাপ পঢ়িছিল: ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা - অসম ম্যানমাৰৰ অংশ

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে উচ্চতম ন্যায়ালয়ত অসমক ম্যানমাৰৰ অংশ বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পাচতেই অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসমৰ মুখ্যমন্ত্ৰীয়েও জ্যেষ্ঠ অধিবক্তাগৰাকীক সমালোচনা কৰি ছিবালৰ ভৌগোলিক জ্ঞান নাই বুলি কটাক্ষ কৰে ৷ ইয়াৰ পাচতেই মঙলবাৰে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাগৰাকীক সমালোচনা কৰে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ৷

Supreme Court
উচ্চতম ন্যায়ালয়
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 12:37 PM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ: "অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল আৰু জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে অসমক ম্যানমাৰৰ অংশ বুলি ভুলকৈ উল্লেখ কৰিছে ৷ তেওঁ ইতিহাসৰ ভুল কিতাপ পঢ়িছিল ৷" ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত নাগৰিকত্ব আইনৰ ৬এ ধাৰাৰ সাংবিধানিক বৈধতাৰ সন্দৰ্ভত মঙলবাৰে গ্ৰহণ কৰা শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই বক্তব্য প্ৰদান কৰে ৷ অসম চুক্তিৰ অধীনত নাগৰিকত্ব প্ৰদানৰ সুবিধাৰ্থে বিশেষ ব্যৱস্থাৰ অংশ হিচাপে নাগৰিকত্ব আইনৰ ৬এ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল ।

কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি মেহতাই ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠৰ সন্মুখত মেহতাই কয়, ‘মই নাভাবো যে ধাৰা ৬এৰ বৈধতা নিৰ্ণয় কৰাৰ কোনো উদ্দেশ্য থাকিব পাৰে । কিন্তু, কিছু ইতিহাসৰ কথা মোৰ বিদ্বান জ্যেষ্ঠ বন্ধুৱে (জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে) উল্লেখ কৰিছিল । সম্ভৱত তেওঁ ইতিহাসৰ ভুল কিতাপ পঢ়িছিল । অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল ।”

মেহতাই লগতে কয়, “অসম কেতিয়াও ম্যানমাৰৰ অংশ নাছিল ৷ ম্যানমাৰত এতিয়া সৰ্বাধিক অনুপ্ৰৱেশ আছে কাৰণেই অসম ম্যানমাৰৰ অংশ আছিল বুলি ক’লে ভুল হ’ব । ইফালে নিজৰ পক্ষ ৰাখি ছিবালে কয়, “আজি অসম কি.... ইংৰাজে অসমত নিজৰ আধিপত্য স্থাপন কৰিছিল । মই সেইটোৱেই কৈছিলো । ইতিহাসৰ কিতাপতো ইয়াৰ উল্লেখ আছে আৰু একেবাৰে স্পষ্টকৈ ক’বলৈ গ’লে অসম চৰকাৰৰ ৱেবছাইটতো একে কথাই কোৱা হৈছে” ।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়টো আৰু অধিক আগবঢ়াই জ্যেষ্ঠ অধিবক্তা ছিবালক অধিক দ্বিধাত পেলাব নিবিচাৰি বিষয়টো ইমানতেই সমাপ্ত কৰিব বিচাৰে ৷ মেহতাই কয়, "ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীৰ বিষয়টো আৰু আন বিষয়সমূহ বিচাৰাধীন হৈ আছে । গতিকে এইটো ধাৰা ৬ এৰ বৈধতাত সীমাবদ্ধ” । উল্লেখ্য যে, জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যোৱা সপ্তাহত দাবী কৰিছিল যে অসম ম্যানমাৰৰ এটা অংশ আৰু তাৰ পিছত ইংৰাজে ইয়াৰ এটা অংশ জয় কৰিছিল আৰু তেনেকৈয়ে অসমক ইংৰাজৰ হাতত গতাই দিয়া হৈছিল ৷ ছিবালে লগতে কয় যে অসমত বঙালী জনসংখ্যাৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু শোষণৰ এক ঐতিহাসিক প্ৰেক্ষাপট আছে ।

লগতে পঢ়ক: অসমক ব্ৰহ্মদেশৰ অংগ সজোৱা কপিল ছিবালৰ ভৌগোলিক জ্ঞান শূন্য: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.