নেশ্যনেল ডেস্ক, ৬ মে': মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে আশাৰাম বাপু । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে বুধবাৰে চিকিৎসালয়ত ভৰ্তি কৰেৱা হয় বাপুক । বুকুৰ বিষ, অস্থিৰতা আৰু অন্যান্য ৰোগত আক্ৰান্ত হোৱাৰ পাচত বাপুক আইচিইউ ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে । তেওঁৰ অসুস্থতাৰ খবৰ কাৰাগাৰ কৰ্তৃপক্ষই জনাইছিল । উল্লেখ্য যে, তেওঁ কিশোৰী ধৰ্ষণৰ গোচৰত যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে । সম্প্ৰতি তেওঁ যোধপুৰৰ এমডিএম চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে বুকুৰ বিষ, অস্থিৰতা, আঁঠুৰ বিষ আদি বিভিন্ন ৰোগত আক্ৰান্ত আশাৰাম বাপুক যোধপুৰৰ মহাত্মা গান্ধী চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল । আশাৰাম বাপুক ২০১৩ চনৰ ১৫ আগষ্টৰ নিশা যোধপুৰৰ ওচৰৰ মনাই অঞ্চলত তেওঁৰ আশ্ৰমত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ।
তেওঁৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত কৰা হৈছিল । ধাৰা ৩৭০(4) (সৰবৰাহ), ৩৪২ (অন্যায়ভাৱে বন্দী কৰা), ৩৫৪এ (শালীনতা অতিক্ৰম কৰা), ৩৭৬ (ধৰ্ষণ), ৫০৬ (অপৰাধমূলক ভাবুকি) আৰু ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰ) আৰু যৌন অপৰাধৰ পৰা শিশুসুৰক্ষা (পকচো) আইনৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হয় ।
লগতে পঢ়ক: বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী