ETV Bharat / bharat

Amit Shah vs Mamata Banerjee : পশ্চিবংগ চৰকাৰক উৎখাতৰ ষড়যন্ত্ৰ কৰিছে অমিত শ্বাহে; মমতা বেনাৰ্জী

author img

By

Published : Apr 17, 2023, 9:36 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উভতি ধৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে (Mamata Banerjee slams Amit Shah)। অমিত শ্বাহে সংবিধান উলংঘন কৰাৰ অভিযোগ মমতাৰ । পুলৱামা কাণ্ডৰ উচিত তদন্তৰ দাবী টিএমচিৰ মুৰব্বীৰ ।

Mamata Banerjee slams Amit Shah
পশ্চিবংগ চৰকাৰক উৎখাতৰ ষড়যন্ত্ৰ কৰিছে অমিত শ্বাহে

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল : "পশ্চিমবংগ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে ।" এই অভিযোগ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীৰ । সচিবালয়ত সাংবাদিকৰ সৈতে এক সাক্ষাৎকাৰত নেত্ৰীগৰাকীয়ে অমিত শ্বাহক কেইবাটাও প্ৰশ্ন কৰে (West Bengal CM questioned Amit Shah)। তেওঁৰ মতে কোনখন আইনৰ অধীনত ৰাজ্য চৰকাৰক উৎখাত কৰাৰ কথা কৈছে অমিত শ্বাহে ।

উল্লেখ্য যে, শেহতীয়াকৈ পশ্চিমবংগৰ বীৰভূম জিলাত এক দলীয় ৰেলীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি কৈছিল যে যদি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ৩৫ খন আসন লাভ কৰে, তেন্তে ২০২৫ চনৰ পূৰ্বে মমতা চৰকাৰৰ পতন ঘটিব । অৰ্থাৎ মমতাৰ চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব । শ্বাহে লগতে কৈছিল যে, মমতাই যিমানেই চেষ্টা নকৰক কিয় তেওঁৰ ভতিজা অভিষেক বেনাৰ্জীক পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কৰিব নোৱাৰিব (Amit Shah West Bengal visit)।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি মমতা বেনাৰ্জীয়ে প্ৰশ্ন কৰে যে, পৰৱৰ্তী লোকসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগত ৩৫ খন আসন পালে তেওঁ কেনেকৈ টিএমচি চৰকাৰক উৎখাত কৰাৰ দাবী কৰিব পাৰে ?

মমতা বেনাৰ্জীৰ মতে, গৃহ মন্ত্ৰীয়ে সাংবিধানিক নিয়ম উলংঘা কৰিছে । মমতাৰ দাবী দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ পৰিৱৰ্তে অমিত শ্বাহে ষড়যন্ত্ৰ ৰচনা কৰিছে (Mamata Banerjee slams Amit Shah)। অমিত শ্বাহক প্ৰশ্ন কৰি মমতা বেনাৰ্জীয়ে কয় যে, কোনখন আইনৰ অধীনত তেওঁ ৰাজ্য চৰকাৰক উৎখাত কৰাৰ কথা কৈছিল । সংবিধান সলনি কৰা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ? পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এনে মন্তব্য কৰাৰ পাছত শ্বাহে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ পদত থকাৰ কোনো নৈতিক অধিকাৰ নাই ।

ইফালে পুলৱামা কাণ্ডৰ বিতৰ্ক সম্পৰ্কত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Pulwama Attack)। মমতা বেনাৰ্জীয়ে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰৰ সম্পূৰ্ণ তদন্তৰ দাবী কৰে । তেওঁ কয়, "আমি ভাৰতীয় সেনাক সন্মান কৰো আৰু তেওঁলোকৰ ত্যাগৰ বাবে গৌৰৱান্বিত । আমি পুলৱামা গোচৰৰ সম্পূৰ্ণ তদন্ত বিচাৰো ।"

পশ্চিমবংগত হিংসাত্মক ঘটনা বৃদ্ধিৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰক দোষাৰোপ কৰে । তেওঁ কয় যে, নিৰ্বাচনোত্তৰ হিংসাৰ মোকাবিলা কৰিবলৈ ১৫১ টা দল প্ৰেৰণ কৰা হৈছিল । কিন্তু টিএমচিৰ নেতাসকলক মিছা গোচৰত আটক কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । শেহতীয়াকৈ ৰামনৱমীত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৰ বাবে তেওঁ উদ্বেগ প্ৰকাশ কৰে (Mamata Banerjee on Ramnavami clash)।

পুলৱামা কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, পশ্চিমবংগত চৰকাৰৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক নথকা ঘটনা সংঘটিত হ'লেও কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হয় । কিন্তু জম্মু-কাশ্মীৰত জোৱানসকলক হত্যা কৰা ঘটনাটোলৈ কিমানটা কেন্দ্ৰীয় দল প্ৰেৰণ কৰা হৈছিল বুলিও তেওঁ প্ৰশ্ন কৰে ?

লগতে পঢ়ক : Amarnath Yatra 2023: অমৰনাথ যাত্ৰাৰ অফলাইন আৰু অনলাইন পঞ্জীয়ন আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.