ETV Bharat / bharat

MLAship terminated: একে ৪৭ গোচৰৰ দোষী অনন্ত সিঙৰ বিধায়ক পদ বাতিল - অনন্ত সিঙৰ বিধানসভাৰ সদস্যপদ বাতিল

অবৈধ আগ্নেয়াস্ত্ৰ লগত ৰখাৰ গোচৰত দোষী সাব্যস্ত হোৱা আৰজেডি বিধায়ক অনন্ত সিঙৰ বিধানসভাৰ সদস্যপদ বাতিল ৷ অবৈধ আগ্নেয়াস্ত্ৰ লগত ৰখা গোচৰত 10 বছৰৰ কাৰাদণ্ড বিহা হৈছিল বিধায়ক অনন্ত সিঙক(Anant Singh sentenced to 10 years) ৷ ইয়াৰ পাছতেই বাতিল কৰা হয় বিধায়কগৰাকীৰ বিধানসভাৰ সদস্যপদ ৷

ak-47-case-convict-anant-singh-assembly-membership-terminated
আৰজেডি বিধায়ক অনন্ত সিং
author img

By

Published : Jul 15, 2022, 3:05 PM IST

নিউজ ডেস্ক, 15 জুলাই : বিহাৰৰ মোকামা বিধানসভা সমষ্টিৰ আৰজেডি বিধায়ক অনন্ত সিঙৰ বিধানসভাৰ সদস্যপদ বাতিল কৰা হৈছে(Anant Singh assembly membership terminated) ৷ পাটনাৰ এক বিশেষ আদালতে 21 জুনত অবৈধ আগ্নেয়াস্ত্ৰ লগত ৰখা গোচৰৰ ৰায়দান কৰি বিহাৰৰ আৰজেডি বিধায়ক অনন্ত সিঙক 10 বছৰৰ কাৰাদণ্ড বিহে(RJD MLA Anant Singh sentenced in AK 47 case ) । আদালতৰ এই শুনানীৰ পাছতেই অনন্ত সিঙে বিধানসভাৰ সদস্যপদ হেৰুৱাৰ আশংকা কৰা হৈছিল । শেহতীয়াকৈ বিহাৰ বিধানসভাই এই সন্দৰ্ভত জাননী জাৰি কৰিছে ।

ak-47-case-convict-anant-singh-assembly-membership-terminated
একে ৪৭ গোচৰৰ দোষী অনন্ত সিঙৰ বিধানসভাৰ সদস্যপদ বাতিল

বিধানসভা সচিবালয়ে জাৰি কৰা জাননী অনুসৰি, অনন্ত সিঙৰ সদস্যপদ 21 জুনৰ পৰা বাতিল কৰা হৈছে । অৱশ্যে, আদালতৰ ৰায়দানৰ পাছতেই কাৰাগাৰত বন্দী বাহুবলী বিধায়কজনৰ বাবে উপলব্ধ সকলো সুবিধা বাতিল কৰা হৈছিল । ইয়াৰ লগতে বিহাৰ বিধানসভাত আৰজেডিৰ বিধায়কৰ সংখ্যা 80 জনৰ পৰা 79 জনলৈ হ্ৰাস পাব। ইয়াৰ সৈতে, বিহাৰ বিধানসভাত আৰজেডি বিধায়কৰ সংখ্যা এতিয়া 79 লৈ হ্ৰাস পাইছে ।

অৱশ্যে অনন্ত সিঙৰ সদস্যপদ সমাপ্ত হোৱাৰ পাছতো, আৰজেডি এতিয়াও ৰাজ্যখনৰ সৰ্ববৃহৎ দল । শেহতীয়াকৈ, এআইএমআইএমৰ চাৰিজন বিধায়কক দলত অন্তৰ্ভুক্ত কৰাৰ পিছত আৰজেডি ৰাজ্যখনৰ একক সৰ্ববৃহৎ দল হৈ পৰিছিল । বিধানসভা সচিবালয়ে জাৰি কৰা জাননী অনুসৰি, মোকামা বিধানসভা সমষ্টিৰ আসন খালী হৈছে আৰু এই সমষ্টিটোৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । এই বিষয়ে নিৰ্বাচন আয়োগকো অৱগত কৰা হ'ব ।

উল্লেখ্য যে অনন্ত সিঙক বিহাৰত বাহুবলী বিধায়ক হিচাপে জনা যায় । 2020 চনৰ নৱেম্বৰত অনুষ্ঠিত বিহাৰ বিধানসভা নিৰ্বাচনত মোকামাৰ অনন্ত সিঙে জেডিইউৰ প্ৰাৰ্থী ৰাজীৱ লোচন নাৰায়ণ সিঙক 35,757 টা ভোটত পৰাস্ত কৰে । তেওঁ পঞ্চমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈ বিধানসভাত নিজৰ স্থিতি বাৰ্তাই ৰাখিছিল ৷ তেওঁ মুঠ ভোট লাভ কৰিছিল 78,721 টা ৷

লগতে পঢ়ক : Ansari Recommended to Invite Pak Journo:পাক সাংবাদিক নুছৰত মিৰ্জাক আমন্ত্ৰণৰ আহ্বান SCৰ অধিবক্তাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.