ETV Bharat / bharat

Attack on Dalit : চোৰৰ সন্দেহত এজন দলিতক নিৰ্মমভাৱে হত্যা

author img

By

Published : Aug 5, 2023, 1:59 PM IST

অন্ধ্ৰপ্ৰদেশত চোৰৰ সন্দেহত দলিত শ্ৰেণীৰ ৪৩ বছৰীয়া মোলাথোটি ভেংকটাৰাও নামৰ এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ । এখন ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ । ৰেষ্টুৰেণ্টৰ মেনেজাৰ শাসকীয় দলৰ নেতা । আৰক্ষীৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন ।

Attack on Dalit
চোৰৰ সন্দেহত এজন দলিতক নিৰ্মমভাৱে হত্যা

নেশ্যনেল ডেস্ক,৫ আগষ্ট : সমাজৰ পিছপৰা শ্ৰেণীৰ ওপৰত প্ৰায়ে অত্যাচাৰ আৰু নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হোৱা দেখা যায় ! বিশেষকৈ দলিত সমাজৰ ওপৰত প্ৰায়ে নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহে । এইবাৰ অন্ধ্ৰপ্ৰদেশত পুনৰ এজন নিৰীহ দলিতৰ মৃত্যু । একাংশ লোকৰ আক্ৰমণত নিহত দলিত সমাজৰ লোকজন । দলিত হোৱাৰ বাবে ঘটনাক গোপনে ৰখাৰ চেষ্টা কৰিলে আৰক্ষীয়ে ।

ভুক্তভোগী লোকজন দলিত শ্ৰেণীৰ ৪৩ বছৰীয়া মোলাথোটি ভেংকটাৰাও বুলি জানিব পৰা গৈছে । দিন হাজিৰা কৰা মোলাথোটি ভেংকটাৰাওক একাংশ লোকে নৃশংসভাৱে আক্ৰমণ কৰে । য'ত তেওঁৰ মৃত্যু হয় । পাছত আক্ৰমণকাৰীয়ে তেওঁৰ মৃতদেহ জংঘলত পেলাই দিয়ে । এই ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰাকচম জিলাৰ অংগোলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে আক্ৰমণকাৰীসকল এখন ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আছিল । ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ শাসকীয় দল ৱাইএছআৰচিপিৰ নেতা আছিল । লক্ষণীয়ভাৱে আৰক্ষীয়ে ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰাও দেখা গৈছে । যাৰ বাবে দলিত সমাজক প্ৰতিনিধিত্ব কৰা মাদিগা কল্যাণ সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তেওঁলোকে মৃতকৰ পৰিয়ালক ন্যায়ৰ দাবী তুলিছে ।

ঘটনাটো বুধবাৰে নিশা সংঘটিত হৈছিল । মোলাথোটি ভেংকটাৰাওৰ পৰিয়ালটোৱে অংগোল গীৰ্জাকেন্দ্ৰৰ ওচৰত বাস কৰি আছিল আৰু দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল । শেহতীয়াকৈ মোলাথোটি ভেংকটাৰাও পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু তেওঁ ঘৰৰ পৰা ওলাই গৈছিল । যেতিয়া তেওঁ বাপটলাৰ সুভানীক লগ পাইছিল, মাজনিশা তেওঁৰ সৈতে দুয়ো ওচৰৰে নাৰাচী নামৰ এখন ৰেষ্টুৰেণ্টলৈ গৈছিল ।

কিন্তু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীসকলে তেওঁলোকক চোৰ বুলি সন্দেহ কৰে আৰু তেওঁলোকক আক্ৰমণ কৰে । কৰ্মচাৰীসকলৰ আক্ৰমণত ভেংকটৰাও আৰু তেওঁ বন্ধু গুৰুতৰভাৱে আহত । দুৰ্ভাগ্যজনকভাৱে ঘটনাস্থলীতে ভেংকটৰাৱে মৃত্যু বৰণ কৰে । আঘাতপ্ৰাপ্ত বন্ধুজনক কৰ্মচাৰীসকলে তাৰ পৰা খেদি পঠিয়ালে আৰু ভেংকটৰাওৰ মৃতদেহ জংঘলত পেলাই দিয়ে ।

পাছত এই ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ভেংকটৰাওৰ মৃতদেহ উদ্ধাৰ কৰে । অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা কোনো ধৰণৰ প্ৰমাণ সংগ্ৰহ নকৰাকৈ মৃতদেহ উদ্ধাৰ কৰাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আৰক্ষীৰ তদন্তৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনা গাপ দিয়াৰো অভিযোগ উঠিছে ।

নাৰাচী ৰেষ্টুৰেণ্টৰ মেনেজাৰ নিথিন ৰেড্ডী জিলাখনৰ শাসকীয় দলৰ নেতা । শাসকীয় দলৰ নেতা হোৱাৰ বাবেই অপৰাধীক আৰক্ষীয়ে ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগ উঠিছে । কিন্তু পৰিতাপৰ কথাটো হ'ল মৃত ভেংকটৰাওৰ পূৰ্বৰ কোনো অপৰাধৰ ৰেকৰ্ড নাছিল । তাৰ পাছতো লোকসকলে চোৰৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰিলে তেওঁক । যাৰ বাবে এতিয়া তেওঁৰ পৰিয়ালটোৰ ন্যায়ৰ বাবে দাবী উত্থাপন হৈছে । ৰাইজৰ দাবীৰ পাছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে । ইফালে ঘটনা সংঘটিত ৰেষ্টুৰেণ্টৰ মেনেজাৰে ভেংকটৰাওৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে । কিন্তু প্ৰশ্নটো হ'ল এগৰাকী দলিতৰ জীৱন মূল্য মাত্ৰ ২ লাখ টকাহে নেকি ?

লগতে পঢ়ক :Hijab Controversy: দাক্ষিণাত্যৰ পাচত এইবাৰ ত্রিপুৰাত হিজাব বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.